
বুধবাৰে মাঞ্জাত নৃশংস হত্যাকাণ্ডৰ বলি হোৱা থাড’ সম্প্ৰদায় নেহকামৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে থাড’ কাৰি আৰু ডিমাছা ছাত্ৰ সন্থাই ৷ উল্লেখযোগ্যযে যোৱা ২৯ আগষ্টৰ নিশা কুকি উগ্ৰপন্থী সংগঠন কেআৰএ খেদি খেদি দাৰে ঘপিয়াই হত্যা কৰিছিল মাঞ্জা কুকি কলনিৰ সুলভ মূল্যৰ দোকান দি চলি থকা নেহকাম জামহাওক ৷

এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি মানজাত থাড জনজাতিৰ লোক সকলৰ লগতে কাৰবি ছাত্ৰ সন্হা আৰু ডিমাছা ছাত্ৰ সন্হাই প্ৰতিবাদ কৰি মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়াৰ দাবী কৰাৰ লগতে দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে ৷থাড’ জনগোষ্ঠীৰ এগৰাকী বয়চী নামৰ যুৱতীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই ঘটনা সংঘটিত কৰা কুকি উগ্ৰপন্থী সকল মণিপুৰৰ ৷
নেহকামৰ হত্যাৰ লগত জড়িত আছে মণিপুৰৰ কুকি-মেইটে জনগোষ্ঠীৰ গোষ্ঠী সংঘৰ্ষৰ লিংক আছে ৷ ৬ আগষ্টত ইম্ফলত থাড আৰু মেইটে জনগোষ্ঠীৰ মাজত এক আলোচনা হৈছিল ৷ যি আলোচনাত উপস্থিত আছিল নেহকাম আৰু মানজাৰে আন এগৰাকী থাড জনজাতিৰ লোক ৷
এই কথাত ক্ষুন্ন হৈ পৰে কুকি উগ্ৰপন্থী আৰু সামাজিক সংগঠন সমূহ ৷ তেওঁলোকে নেহকামক বিষয়টো লৈ আলোচনালৈ মাতিছিল যদিও তেওঁ যোৱা নাছিল ৷ সেয়ে তেওঁক হত্যা কৰা হ’ল বুলি দাবী কৰে থাড জনগোষ্ঠীৰ লোক সকলে ৷
আনহাতে আজিৰ প্ৰতিবাদত ভাগ লোৱা কাৰবি ছাত্ৰ সন্হাৰ স্হানীয় ছাত্ৰনেতা ৱাইছং টেৰণে মণিপুৰৰ পৰা আহি কাৰবি আংলঙত কেআৰএ কৰা কুকি উগ্ৰপন্থী সকলক কাৰবি আংলঙৰ পৰা বহিস্কাৰ কৰাৰ দাবী কৰে ৷ তেওঁলোকৰ ডেজিগনেটেড কেম্প উচ্ছেদ কৰাৰো দাবী কৰি কেএছএ নেতা গৰাকীয়ে ৷












