
আমেৰিকাৰ হেঁচাক আওকাণ কৰি ভাৰতে একপ্ৰকাৰ স্পষ্ট কৰি দিছে যে সম্প্ৰতি ৰাছিয়াৰ পৰা তেল কিনা বন্ধ নকৰে। শেহতীয়াকৈ চীনত সমাপ্ত হোৱা এছ চি অ’ শীৰ্ষ সন্মিলনত নৰেন্দ্ৰ মোদী আৰু ভ্লাডিমিৰ পুটিনৰ (India Russia Deal) মাজত হোৱা ব্যক্তিগত কথা-বতৰা দেখি বহুতে কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিয়াৰ পিছতো ভাৰত-ৰাছিয়াৰ বন্ধুত্ব অক্ষত থাকিব।

কিন্তু সেই বন্ধুত্বৰ দ্বাৰা ভাৰত লাভৱান হ’বনে? কিছুমান বাতৰিত ভাৰতে ৰাছিয়াৰ পৰা কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰিব বুলি দাবী কৰিছে। প্ৰতি বেৰেলত কমেও তিনিৰ পৰা চাৰি মাৰ্কিন ডলাৰ হ্ৰাস পাব। ছেপ্টেম্বৰ বা অক্টোবৰৰ শেষৰ ফালে এই সুবিধা দেখিবলৈ পোৱা যাব।
ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে শাস্তি হিচাপে ভাৰতীয় সামগ্ৰীৰ ওপৰত জৰিমনাকে ধৰি মুঠ ৫০ শতাংশ শুল্কৰ বোজা জাপি দিছে। ভাৰতৰ সৈতে বাণিজ্যৰ পৰা লাভ কৰা লাভ ৰাছিয়াই ইউক্ৰেইন যুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে।
কিন্তু সেই অভিযোগ আৰু ট্ৰাম্পৰ শুল্ক নীতিৰ মাজতো নতুন দিল্লী-মস্কোৰ সম্পৰ্কৰ অৱনতি ঘটা নাই। ২০২২ চনত ইউক্ৰেইন আক্ৰমণৰ পিছত আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বই ৰাছিয়াৰ ওপৰত বহু বাধা আৰোপ কৰিছিল। অৰ্থনীতি ৰক্ষাৰ বাবে ৰাছিয়াই সস্তাতে তেল বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। ভাৰতেও তাৰ সুযোগ লয়।
নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা বৃহৎ ৰেহাইত তেল ক্ৰয় কৰিবলৈ আৰম্ভ কৰে। বিগত কেইবছৰমানৰ পৰা ৰাছিয়াৰ তেল আমদানি ০.২ শতাংশৰ পৰা ৩৫ শতাংশলৈ বৃদ্ধি পাইছে। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰক দেশ।
ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত তীব্ৰ আপত্তি ৱাশ্বিংটনৰ।
হোৱাইট হাউছৰ উপদেষ্টা পিটাৰ নাভাৰোৱে সমালোচনাত্মক সুৰত কয়, “পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ আগতে ভাৰতে ৰাছিয়াৰ পৰা বহু কম পৰিমাণৰ তেল ক্ৰয় কৰিছিল। কিন্তু এতিয়া ই ক্ৰয় কৰা তেলৰ পৰিমাণ বৃদ্ধি কৰিছে। ভাৰতে সেই খাৰুৱা তেল কিনি শোধন কৰি পুনৰ লাভৰ বাবে বিক্ৰী কৰে।”
ৰাছিয়াৰ পৰা ভাৰতে তেল ৰেহাই মূল্যত লাভ কৰিছে। যোৱা জুলাই মাহত ৰাছিয়াৰ পৰা প্ৰতি বেৰেলত প্ৰায় এক ডলাৰ মূল্যত তেল ক্ৰয় কৰা হৈছিল।
আগষ্ট মাহত ভাৰতীয় ক্ৰেতাৰ বাবে ৰেহাই আছিল প্ৰায় ডেৰ-দুই ডলাৰ। প্ৰতিবেদনত দাবী কৰা হৈছে যে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ৰেহাইৰ পৰিমাণ আৰু বৃদ্ধি পাব পাৰে। কেৱল তেলেই নহয়, বহুতে বিশ্বাস কৰে যে ৰাছিয়া আৰু ভাৰতৰ মাজত সামৰিক সম্পৰ্কও আৰু অধিক বৃদ্ধি পাব পাৰে।
ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ ‘ফেডাৰেল ছাৰ্ভিচ ফৰ মিলিটাৰী-টেকনিকেল কোঅপাৰেশ্যন’ৰ মুৰব্বী ডিমিত্ৰী শ্বুগায়েভে কয় যে নতুন দিল্লীয়ে মস্কোৰ সৈতে অধিক এছ-৪০০ ট্ৰাইমফ এণ্টি মিছাইল ছিষ্টেম ক্ৰয়ৰ বাবে আলোচনাত মিলিত হৈছে। প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে ২০২৬ আৰু ২০২৭ চনত ৰাছিয়াই আৰু দুই ইউনিট এছ-৪০০ যোগান ধৰিব পাৰে।












