
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু দক্ষতা বিভাগৰ অধীনত কাৰ্বি আংলং জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু নগৰীয়া সংহত শিশু উন্নয়ন আঁচনিৰ সহযোগত মঙলবাৰে পুৱা প্ৰায় ১১ মান বজাত ডিফু ৰেলষ্টেছন চৌহদত যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি নিয়া মাৰাত্মক বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে জন সচেতনতা সৃষ্টি কৰিবলৈ এক আকৰ্ষণীয় বাটৰ নাট মঞ্চস্থ কৰা হয় ৷

অভিনয়ত জড়িত দলটোৱে কেনেদৰে যুৱ প্ৰজন্মই ড্ৰাগছৰ আসক্ত হৈ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে পৰিয়াল তথা সমাজৰ বাবে চিন্তাৰ কাৰণ হৈ পৰে তাক সাৱলীল ভাবে অভিনয় কৰি সজাগতাৰ সৃষ্টি কৰে ৷
আজিৰ কাৰ্যসূচীত জিলা আৰক্ষী উপাধ্যক্ষ ৰাঘৱ শইকীয়া, জিলা সমাজ কল্যাণ বিভাগৰ আৰু সংহত শিশু উন্নয়ন আঁচনি কাৰ্যালয়ৰ বিষয়া কৰ্মী সকল উপস্থিত থাকে ৷ তদুপৰি উদ্যোক্তা সকলে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি ড্ৰাগছ বৰ্জনৰ সংকল্প বাক্য পাঠ কৰে ৷













