
ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভত কেইঘণ্টামানৰ ভিতৰতে ৱাশ্বিংটনৰ পৰা দুটা পৰস্পৰ বিৰোধী বাৰ্তা। প্ৰথমটো আহে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ পৰা। আনহাতে, দ্বিতীয়টো আহে দেশখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা।

ভাৰত-আমেৰিকাৰ সম্পৰ্ক দীৰ্ঘস্থায়ী বুলি দাবী কৰে ৰুবিঅ’ই। ভৱিষ্যতে এই সম্পৰ্ক আৰু অধিক উন্নত হ’ব। কিন্তু শুল্ক বিবাদৰ মাজতে ট্ৰাম্পে পোনপটীয়াকৈ ভাৰতৰ বিৰুদ্ধে মাত মাতে আৰু ভাৰতে দশক দশক ধৰি দ্বিপাক্ষিক বাণিজ্যত একপক্ষীয় সুবিধা লৈ আহিছে বুলি অভিযোগ কৰে।
উল্লেখ্য যে টিয়ানজিনত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ পিছতে নতুন দিল্লীৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰিছে ট্ৰাম্পে।
ইয়াৰ লগতে সোমবাৰে সন্ধিয়া তেওঁ পুনৰ ভাৰতীয় সামগ্ৰীৰ ওপৰত জৰিমনাকে ধৰি ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পোষকতা কৰে। বিগত কেইটামান দশক ধৰি চলি থকা নতুন দিল্লী-ৱাশ্বিংটনৰ বাণিজ্যিক সম্পৰ্কক আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ‘একপক্ষীয় সুযোগ’ বুলি অভিহিত কৰিছে।
তেওঁ স্পষ্ট কৰি দিছে যে জৰিমনাকে ধৰি ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক প্ৰত্যাহাৰ কৰাৰ কোনো পৰিকল্পনা আমেৰিকাৰ নাই। আনহাতে, সোমবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পাছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সংকট সমাধানৰ ক্ষেত্ৰত ভাৰত আৰু চীনৰ ভূমিকাক অতিশয় প্ৰশংসা কৰে।
একে সময়তে তেওঁ চাড়ে তিনি বছৰীয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে দুটা কাৰণক দোষাৰোপ কৰে। এছ চি অ’ শীৰ্ষ সন্মিলনত ভাষণ দিয়াৰ পিছত মোদীৰ সৈতে পাৰ্শ্বীয় বৈঠকলৈ ৰাওনা হয় পুটিন। দুয়োগৰাকী ৰাষ্ট্ৰনেতাই একেখন গাড়ীতে যাত্ৰা কৰে। ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২ বজাৰ পিছতে মোদী আৰু পুটিনৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়।
ইয়াৰ পূৰ্বে এছ চি অ’ শীৰ্ষ সন্মিলনৰ দ্বিতীয়দিনা ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ভাষণ প্ৰদান কৰে। তাত তেওঁ কয় যে ইউক্ৰেইনৰ সংকট সমাধানৰ ক্ষেত্ৰত চীন আৰু ভাৰতৰ ভূমিকাক আমি শলাগ লৈছোঁ।
কিছুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অন্যতম উপদেষ্টা পিটাৰ নাভাৰোৱে ইউক্ৰেইন যুদ্ধক ‘মোদীৰ যুদ্ধ’ বুলি দাবী কৰিছিল। এই বক্তব্যৰ ব্যাখ্যা কৰি তেওঁ কয় যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবেই মস্কোৱে সেই ধন ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ঢালিবলৈ সক্ষম হৈছে।
কিন্তু সোমবাৰে পুটিনে এই দাবী খণ্ডন কৰি কয় যে আমেৰিকাৰ নেতৃত্বত সামৰিক মিত্ৰজোঁট নাটো আৰু পশ্চিমীয়া বিশ্বই হস্তক্ষেপ কৰাৰ বাবেই এই যুদ্ধ আৰম্ভ হৈছে। অৱশ্যে একে সময়তে ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ বাবে ট্ৰাম্পৰ পদক্ষেপক পুটিনে প্ৰশংসাও কৰে।
এই প্ৰসংগত তেওঁ ১৫ আগষ্টত আলাস্কাৰ বৈঠকৰ কথাও উল্লেখ কৰি কয়, “মই এইটোও ক’ব বিচাৰো যে শেহতীয়াকৈ আলাস্কাত ৰাছিয়া আৰু আমেৰিকাৰ মাজত হোৱা বৈঠকত বুজাবুজি হৈছিল। মই ভাবো ই কিছুমান লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰিব।” সেই বুজাবুজি আৰু লক্ষ্য কি আছিল সেয়া অৱশ্যে আজিও তেওঁ প্ৰকাশ কৰা নাই।












