
সোমবাৰে পুৱা প্ৰায় ১০ মান বজাত ডিফুৰ সমীপৰ পানবাৰীত সন্দেহযুক্ত হেৰইন (Diphu Drug) সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

এক গোপন খবৰৰ ভিত্তিত পানবাৰী এলপি স্কুলৰ সন্মূখত ডিফু নগৰ আৰক্ষী চকী আৰু ডিফু থানাৰ যৌথ অভিযানত নগাওঁ জিলাৰ বটদ্ৰৱা থানা এলেকাৰ পশ্চিম ভেৰভেৰীৰ হাছেন আলীৰ পুত্ৰ ফজৰ আলীক সন্দেহযুক্ত হেৰইন সহ হাতে লোটে ধৰা পেলায় ৷ আৰক্ষীয়ে যুৱকজনৰ কৱলৰ পৰা ১৪ টা প্লাষ্টিক কণ্টেইনাৰৰ পৰা ১৭ গ্ৰাম হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
হেৰইনখিনি জিলা উপ আৰক্ষী অধীক্ষক ৰিচাৰ্ড বাইলুঙ আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰে ৷ এই সন্দৰ্ভত ডিফু থানাত এক গোছৰ ৰুজো দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷













