
পঞ্জাবৰ স্বৰ্ণ মন্দিৰত (Punjab Golden Temple) বিস্ফোৰণৰ ভাবুকি দিয়া এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰক গ্ৰেপ্তাৰ। শুকুৰবাৰে তেওঁক ফৰিদাবাদৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তিজনৰ নাম শুভম ডুবে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বিগত কিছুদিনত স্বৰ্ণ মন্দিৰ কৰ্তৃপক্ষলৈ কেইবাটাও ইমেইল প্ৰেৰণ কৰা হৈছে, য’ত স্বৰ্ণ মন্দিৰটো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে।

এই ভাবুকি পোৱাৰ পিছত স্বৰ্ণ মন্দিৰৰ নিৰাপত্তা কটকটীয়া কৰা হয়। অমৃতসৰ আৰক্ষী আয়ুক্ত গুৰপ্ৰীত সিং ভুলাৰে কয় যে এই ভাবুকি ক’ৰ পৰা আহিছে সেই বিষয়ে জানিবলৈ আৰক্ষীৰ চাইবাৰ বিশেষজ্ঞই তদন্ত আৰম্ভ কৰিছে।
কেইবাদিনো ধৰি ভাবুকি প্ৰেৰণ কৰা লোকজনৰ সন্ধান চলি আছিল।
অৱশেষত শুকুৰবাৰে আৰক্ষীয়ে অভিযুক্তক উদ্ধাৰ কৰে। ইয়াৰ পিছত পেছাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ শুভমক ফৰিদাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে বিভিন্ন ইলেক্ট্ৰনিক গেজেট। শুভমৰ লেপটপ আৰু ফোন জব্দ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে পঠোৱা হয়।
অভিযোগ অনুসৰি, কেৱল স্বৰ্ণ মন্দিৰলৈয়ে নহয়, অমৃতসৰৰ সাংসদ গুৰজিৎ সিং আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈও ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, ১৪ৰ পৰা ১৫ জুলাইৰ ভিতৰত মুঠ পাঁচটা ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা হৈছিল। ১৬ জুলাইত স্বৰ্ণ মন্দিৰটো উৰুৱাই দিয়াৰ ভাবুকি দিয়া তিনিটা ইমেইল প্ৰেৰণ কৰা হৈছিল।










