
দেওবাৰ বিয়লি প্ৰায় তিনিমান বজাত এক বিশ্বস্ত খবৰৰ ভিত্তিত ডিফুৰ ৰিক্ৰিয়েছন পাৰ্কৰ সন্মুখত কাৰ্বি আংলং অৰক্ষীৰ অভিযানত খোজকাঢ়ি আহি থকা এক যুৱকৰ কৱলৰ পৰা এটা প্লাষ্টিকৰ চাবোনৰ বাকচত ১০.২৫ গ্রাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সন্দেহযুক্ত হেৰ ইনখিনি নিৰপেক্ষ সাক্ষীগণৰ সাক্ষ্যাতে জব্দ কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে নগাঁৱ জিলাৰ বৰদোৱাৰ ছাইদুৰ ৰহমান নামৰ এজন যুৱকক আটক কৰি এনডিপিএছ আইনৰ অধীনত ডিফু খানাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।













