
শুকুৰবাৰে পুৱা প্ৰায় ১০ বজাত ডিফুৰ এন ই ভাৰত পৰ্টেলৰ সাংবাদিক তনু মজুমদাৰে জানিবলৈ দিয়া অনুসৰি আজি পুৱা প্ৰায় ৭ মান বজাত তেওঁৰ চোতালৰ পৰা এটা দুষ্প্ৰাপ্য হৰিণা পহু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তেওঁৰ পৰিয়ালৰ লোকৰ সহযোগত উদ্ধাৰ কৰে হৰিণা পহুটো ৷

মানুহ আৰু অন্য জীৱ জন্তুৱে যাতে পহুটোক কোনো ক্ষতি সাধন কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পহুটো সাংবাদিক তনু মজুমদাৰে কাষতে থকা বন বিভাগৰ মধ্য সংমণ্ডলৰ কাৰ্যালয়ত চমজাই দিয়ে ৷ সাংবাদিক গৰাকীৰ এনে প্ৰচেষ্টাত সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷













