ভাৰতৰ আম ৰপ্তানিত বৃহৎ লোকচান (Mango exporting) । শেহতীয়াকৈ আমেৰিকাই বিমানবন্দৰৰ পৰা ভাৰতৰ পৰা পঠোৱা বৃহৎ পৰিমাণৰ আম ঘূৰাই পঠিয়াইছে। ফলত আম ৰপ্তানিকাৰকসকলে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, চলিত মাহত লছ এঞ্জেলছ, ছান ফ্ৰান্সিস্কো, আটলাণ্টাকে ধৰি আমেৰিকাৰ বিভিন্ন বিমানবন্দৰত ভাৰতৰ পৰা কমেও ১৫টা আমৰ চালান বাতিল কৰা হৈছে। আনহাতে, আমবোৰ দেশলৈ ঘূৰাই অনাৰ ব্যয় বেছি হোৱাৰ কথা বিবেচনা কৰি ৰপ্তানিকাৰকসকলে আমবোৰ আমেৰিকাত পেলাই দিয়াৰ কথা চিন্তা কৰিছে।
কিন্তু এই ১৫টা চালানত কিমান আম ৰপ্তানি হৈছিল সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে ইয়াৰ ফলত দেশৰ আম ব্যৱসায়ীসকলৰ প্ৰায় ৫ লাখ মাৰ্কিন ডলাৰৰ লোকচান হ’ব বুলি ধাৰণা কৰা হৈছে, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৪২.৭২ কোটি টকা।
বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, মুম্বাইৰ পৰা আম ৰপ্তানিৰ বাবে প্ৰয়োজনীয় সকলো কাগজ-পত্ৰ ৰপ্তানিৰ পূৰ্বে ৮ আৰু ৯ মে’ত সম্পূৰ্ণ হৈছিল।
কিন্তু ৰপ্তানি সম্পৰ্কীয় সকলো নথি-পত্ৰ অসামঞ্জস্য হোৱাৰ অভিযোগ উত্থাপন হৈছে। সেইবাবেই আমেৰিকাই এই বিপুল পৰিমাণৰ আম ঘূৰাই দিছে। উল্লেখ্য যে ভাৰতত উৎপাদিত আমৰ সৰ্ববৃহৎ ৰপ্তানি বজাৰ আমেৰিকা। যিহেতু আম নষ্ট হ’ব পাৰে, সেয়েহে সাধাৰণতে ভাৰতৰ পৰা আমেৰিকালৈ বিমানযোগে প্ৰেৰণ কৰা হয়।
ফলস্বৰূপে আম ৰপ্তানিৰ খৰচো যথেষ্ট । সেয়েহে আমবোৰ দেশলৈ ঘূৰাই অনাতকৈ আমেৰিকাতে বিনষ্ট কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সকলোবোৰ কাৰণতে আম ৰপ্তানিকাৰকসকলে কাৰ্যতঃ অস্বস্তিত পৰিছে।