
পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাই আৰম্ভ কৰা অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ ভাষণৰ সাৰাংশ :

– যেতিয়া দেশ একগোট হয়, তেতিয়া সকলোৰে আগত দেশ আহে আৰু তাৰ ফলো পোৱা যায়। পাকিস্তানৰ সন্ত্রাসবাদীক মষিমূৰ কৰিবলৈ ভাৰতে চলোৱা আক্ৰমণত সন্ত্রাসবাদী সংগঠনেই নহয়, তেওঁলোকৰ মনোবলো ভাঙি দিয়া হৈছে।
– অপাৰেচন সিন্দুৰৰ সফতাৰ বাবে তেওঁলোকৰ (সেনাৰ) পৰাক্রমক আমি দেশৰ সকলো মাতৃ, সকলো মহিলাৰ ওচৰত উছৰ্গা কৰিছো। পত্নী, সন্তানৰ সন্মুখত ধর্ম সুধি পহেলগামত নৃশংসভাৱে হত্যা কৰা হৈছে। আমাৰ বাবে এয়া ক্রূৰতা। এই ঘটনাৰ পিছত সকলোৱে সন্ত্রাসবাদৰ বিৰুদ্ধে সমস্বৰে মাত মাতিছে। সন্ত্ৰাসবাদীয়ে বুজি গৈছে মাতৃ-ভগ্নীৰ সেন্দূৰ মোচাৰ পৰিণাম ।
– আমাৰ স্কুল-কলেজ, সাধাৰণ নাগৰিক ঘৰ-দুৱাৰ, মন্দিৰ পাকিস্তানে লক্ষ্য কৰিলে। তাতো ব্যর্থ হ’ল। বিশ্বই দেখিলে কেনেদৰে পাকিস্তানৰ ড্রোন, মিছাইল ভাৰতৰ হাতত ধূলিসাৎ হ’ল। তিনি দিনত পাকিস্তানক যি অৱস্থা কৰা হৈছে, ভবাবিবই পৰা নাছিল।
– বিশ্বত ডাঙৰ ডাঙ সন্ত্রাসবাদী আক্ৰমণ একেডাল সূতাৰে বন্ধা। সেয়ে ভাৰতে সন্ত্রাসবাদৰ ‘হেড কোৱার্টাৰ’ ভাঙি দিছে। পাকিস্তান হতাশ, নিৰাশ হৈছে।
– আমাৰ সেনাবাহিনী সদা সতর্ক। আকাশ, জলৰ পৰা স্থল- সর্বত্রে আমি প্রস্তুত আছো। ভৱিষ্যতে প্রয়োজন হ’লে পুনৰ প্ৰত্যুত্তৰ দিয়া হ’ব। কোনো ‘নিউক্লিয়াৰ ব্লেকমেইল’ ভাৰতে সহ্য নকৰে।
– ‘ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাৰ সন্ত্ৰাসবাদ’ৰ ডাঙৰ উদাহৰণ পহেলগাম কাণ্ড। প্রত্যেকখন যুদ্ধক্ষেত্ৰত আমি পাকিস্তানক পর্যদুস্ত কৰিছো। অপাৰেচন সিন্দুৰতো আমি সেই শ্রেষ্ঠত্ব প্রমাণ কৰিছো। ‘মেড ইন ইণ্ডিয়া’ অস্ত্ৰই নিজৰ শ্রেষ্ঠত্ব প্রমাণ কৰিছে।
– আৰু সন্ত্রাসবাদীৰ ৰঙাচকু সহ্য নকৰে ভাৰতে। পাকিস্তানে যদি বাচি থাকিব বিচাৰে তেন্তে দেশৰ সন্ত্রাসবাদৰ আন্তঃগাঁথনি নির্মূল কৰিব লাগিব। ‘টেৰৰ’ আৰু ‘টক’ (সন্ত্রাস আৰু আলোচনা) একেলগে চলিব নোৱাৰে।
– এইবাৰ পাকিস্তানৰ সৈতে কথা হ’ব লাগিলে সন্ত্রাসবাদক লৈয়েই হ’ব। পাকিস্তানৰ সৈতে আলোচনা হ’লে এইবাৰ পাক অধিকৃত কাশ্মীৰক লৈ হ’ব। আজি বুদ্ধ পূর্ণিমা, শান্তিৰ পথো যুদ্ধৰেই আহে।











