
বৰপেটা জিলাৰ বহৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
বহৰিত ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ দুগৰাকী কিশোৰ সন্ধানহীন হৈ পৰিছে।

সন্ধানহীন হৈ পৰা কিশোৰ দুগৰাকী তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰিৰ মণ্ডল পাৰাৰ মহেশ তালুকদাৰৰ ১৫ বছৰীয়া পুত্ৰ কাৰ্তিক তালুকদাৰ আৰু বহৰি চৌধুৰী পাৰাৰ বিজয় চৌধুৰীৰ ১৬ বছৰীয়া পুত্ৰ অমিত চৌধুৰী।
অমিত চৌধুৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
কাৰ্তিক তালুকদাৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল।কাৰ্তিক তালুকদাৰে বিদ্যালয়ৰ পৰা আহি বন্ধু অমিত চৌধুৰীৰ স’তে নদীৰ পাৰলৈ গৈছিল।
শনিবাৰে দুপৰীয়া প্ৰায় এক মান বজাত দুই বন্ধুই বহৰিৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা এডাল গছৰ তলত মবাইলত গেম খেলিছিল। তাৰ পাছত মোবাইল আৰু অন্যান্য সামগ্ৰী নৈৰ পাৰত থৈ গা ধুবলৈ ব্ৰহ্মপুত্ৰৰ পানীত নামিছিল দুই কিশোৰে।
ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতত কিশোৰ দুগৰাকী উটি যোৱা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।
ওচৰতে গা ধুই থকা আন যুৱকে দুয়োকে উদ্ধাৰৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয়।
ঘটনাস্থলীত উপস্থিত হয় স্থানীয় তাৰাবাৰী আৰক্ষী।ঘটনাস্থলীত এচ ডি আৰ এফ বাহিনী উপস্থিত হৈ কিশোৰ দুগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।বহৰিত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।












