কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগাঁৱৰ বৈছাৰণ অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত (JK terror attack) এজন অচিনাক্ত পৰ্যটক নিহত হোৱাৰ উপৰি আন কেইবাজনো আহত হয়। প্ৰাথমিক তথ্য অনুসৰি, ট্ৰেকিং কৰি থকা পৰ্যটকৰ ওপৰত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰে। খবৰ অনুসৰি ৬ জন লোকৰ ওপৰত গুলীচালনা কৰা হয়। আক্ৰান্তৰ তিনিজন পৰ্যটক আৰু বাকীসকল স্থানীয় লোক।

ঘটনাস্থলীত উপস্থিত হয় নিৰাপত্তা বাহিনী। অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে। সমগ্ৰ অঞ্চলটোত আৰম্ভ হৈছে এক অনুসন্ধান অভিযান। সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছে। উল্লেখ্য যে আক্ৰমণ সংঘটিত হোৱা অঞ্চলটোত কোনো ধৰণৰ যাতায়াত ব্যৱস্থা নাই।
পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, পেহেলগাঁৱৰ বৈছাৰণ উপত্যকাত বন্দুকৰ গুলীৰ শব্দ শুনা যায়। আৰক্ষীৰ মতে এই অঞ্চললৈ খোজকাঢ়ি বা ঘোঁৰাত উঠিহে যাব পাৰি। বাইছৰাণৰ ঘাঁহনিত ঘোঁৰাত উঠি আনন্দ ল’বলৈ পৰ্যটকসকল আহিছিল। তেওঁলোকক লক্ষ্য কৰি দুইৰ পৰা তিনিজন বন্দুকধাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ মুৰব্বী মেহবুবা মুফতিয়ে পেহেলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, “মৃতক আৰু আহতসকলৰ পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই অৰ্থহীন হিংসাই কোনো উদ্দেশ্য সাধন নকৰে, কেৱল যন্ত্ৰণাহে আনে। এনে কাৰ্যৰ কোনো ন্যায্যতা থাকিব নোৱাৰে।”