ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assamese new year I কৃষ্টিৰ উৰ্বৰা ভূমিত সৃষ্টিৰ বছৰ হওক আগন্তুক বছৰটো

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 15, 2025
Reading Time: 1 min read
A A
0
Assamese new year I কৃষ্টিৰ উৰ্বৰা ভূমিত সৃষ্টিৰ বছৰ হওক আগন্তুক বছৰটো

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

আজি পহিলা ব’হাগ। অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন (Assamese new year)। ইতিমধ্যে ৰাজ্যজুৰি ব’হাগ বিহুৰ উখল-মাখল পৰিৱেশ। চ’তৰ সংক্ৰান্তি অৰ্থাৎ ব’হাগৰ দোমাহীৰ পৰা ব’হাগ মাহৰ ৬ তাৰিখলৈ এই সাতদিন পালন কৰা হয় ব’হাগ বিহু। ব’হাগৰ ৰঙেৰে প্ৰকৃতি তথা মানুহৰ মন ৰঙীয়াল হৈ পৰে বাবেই এই বিহুক ৰঙালী বিহু বুলিও কোৱা হয়।

Assamese new year I
কৃষ্টিৰ উৰ্বৰা ভূমিত সৃষ্টিৰ বছৰ হওক আগন্তুক বছৰটো:

চ’তৰ পছোৱাই আঁজুৰি নাঙঠ কৰা আঁহতজুপিত কুঁহিপাত বিৰিঙি উঠাৰ লগে লগে সলনি হয় প্ৰকৃতিৰো ৰূপ। ৰুক্ষ প্ৰকৃতিৰ বুকুলৈ আহে ঋতুৰ ৰাণী বসন্ত। লগে লগে কুলি, কেতেকীৰ মাতত সাৰ পাই উঠে প্ৰকৃতিও। কপৌ, নাহৰ, তগৰৰ ৰূপ আৰু সুগন্ধিত জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি। তেনেহেন এক পৰিৱেশত কেনেদৰে নিমাতে থাকিব পাৰে চহা প্ৰাণ।
হয়, এই বসন্তৰ বতৰা পায়ে নাচি উঠে অসমীয়াৰ মন-প্ৰাণ।

চহা জীৱনৰ লগত সংপৃক্ত হৈ থকা প্ৰকৃতিৰ এই পৰিৱৰ্তনে সকলোকে কঁকাল পোনাই পুনৰ এটা বছৰৰ বাবে সাজু হ’বলৈ প্ৰেৰণা যোগায়। ঢোলৰ ছেও, পেঁপা, গগনা, টকাৰ মাতত গা সাতখন-আঠখন কৰে বিহুৱা-বিহুৱতীৰ। বিহুৱা ডেকাৰ ঢোলৰ ছেৱত কঁকাল ভাঙি নাচে নাচনীয়ে। কেৱল নাচনীয়েই নে, আবাল-বৃদ্ধ-বণিতাও ৰঙালীৰ ৰসত বুৰ যায়।

পৰম্পৰা আৰু লোকবিশ্বাসৰ মেটমৰা ভঁৰাল হৈছে ব’হাগ বিহু। সাত বিহুৰ প্ৰতিটো দিনত পালন কৰা বিভিন্ন পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজতে অন্তৰ্নিহিত হৈ থাকে এক বৈজ্ঞানিক বিশ্লেষণো। এক সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ ব’হাগ বিহুৱে কৃষক ৰাইজক পৰম্পৰাৰ মাজেৰে এটা নতুন কৃষি বৰ্ষৰ বাবে আগবাঢ়ি যোৱাৰ উদগনি যোগায়।

Happy Bihu

অৱশ্য সময়ৰ লগে লগে কিছু পৰম্পৰা, কিছু ৰীতি-নীতি আৰু ইয়াৰ পৰিৱেশনৰ শৈলীৰো পৰিৱৰ্তন ঘটে। নিশ্চিতভাৱে ব’হাগ বিহুতো এই পৰিৱৰ্তনবোৰে আঁচুৰি গৈছে। কিন্তু শিপাক খামুচি ধৰি ৰাখি আমি নতুনক আদৰি ল’বলৈ যত্নপৰ হ’ব লাগে। তেতিয়াহে আমাৰ সংস্কৃতিৰ স্বকীয়তা ৰক্ষা পৰিব। নহ’লে জাতীয় সংস্কৃতিয়ে বিজাতৰীয় ৰূপ পৰিগ্ৰহণ কৰিবলৈ বেছি সময় নালাগে।

bihu 2 | ASSAM TIMES POST

অসমীয়া সমাজ জীৱন আৰু ইয়াৰ পৰম্পৰা আৰু লোকাচাৰত নিহিত হৈ আছে বিভিন্ন প্ৰকৃতি ভিত্তিক উৎসৱ। তাৰ মাজেৰেই অসমীয়া জাতিয়ে বাট বুলিছে, সংস্কাৰ-সংবৰ্ধন ঘটিছে আৰু উত্তৰণৰ দিশে ভৱিষ্যতলৈ ধাৱমান হৈছে।

এই ব’হাগ বিহুত আমাৰ সকলোৰে সংকল্প হোৱা উচিত আমাৰ পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতিক নিভাঁজ ৰূপত ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা আৰু আগবঢ়াই লৈ যোৱা। এই নতুন বছৰটো আমি কৃষ্টিৰ উৰ্বৰা ভূমিত সৃষ্টিৰ বছৰ কৰাৰ মানসেৰে অগ্ৰসৰ হওঁ আহক।

Tags: কৃষ্টিৰ উৰ্বৰা ভূমিত সৃষ্টিৰবছৰ হওক আগন্তুক বছৰটো
Share4Tweet3Send

Related Posts

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
ADVERTISEMENT
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
50
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা
National-International

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
50
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি
National-International

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026
50
Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান
National-International

Rafale fighter aircraft : ভাৰতলৈ আৰু ১১৪ খন ৰাফেল যুঁজাৰু বিমান

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক

TN CM Vijay I ধৰ্ষণত শূন্য সহনশীলতা নীতিৰে অপৰাধ দমন কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰী বিজয়

May 26, 2026
Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

Tripura Govt I এইখন ৰাজ্যত এতিয়াৰে পৰা চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত পাঁচ দিন কাম কৰিব লাগিব, বৃদ্ধি কৰ্মঘণ্টা

May 26, 2026
Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

Delhi Gymkhana Club I দিল্লীৰ জিমখানা ক্লাবৰ নামত ২১৭ কোটিৰ মিউচুৱেল ফাণ্ড, ১২৯ কোটিৰ সম্পত্তি

May 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx