আজি পহিলা ব’হাগ। অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন (Assamese new year)। ইতিমধ্যে ৰাজ্যজুৰি ব’হাগ বিহুৰ উখল-মাখল পৰিৱেশ। চ’তৰ সংক্ৰান্তি অৰ্থাৎ ব’হাগৰ দোমাহীৰ পৰা ব’হাগ মাহৰ ৬ তাৰিখলৈ এই সাতদিন পালন কৰা হয় ব’হাগ বিহু। ব’হাগৰ ৰঙেৰে প্ৰকৃতি তথা মানুহৰ মন ৰঙীয়াল হৈ পৰে বাবেই এই বিহুক ৰঙালী বিহু বুলিও কোৱা হয়।

চ’তৰ পছোৱাই আঁজুৰি নাঙঠ কৰা আঁহতজুপিত কুঁহিপাত বিৰিঙি উঠাৰ লগে লগে সলনি হয় প্ৰকৃতিৰো ৰূপ। ৰুক্ষ প্ৰকৃতিৰ বুকুলৈ আহে ঋতুৰ ৰাণী বসন্ত। লগে লগে কুলি, কেতেকীৰ মাতত সাৰ পাই উঠে প্ৰকৃতিও। কপৌ, নাহৰ, তগৰৰ ৰূপ আৰু সুগন্ধিত জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি। তেনেহেন এক পৰিৱেশত কেনেদৰে নিমাতে থাকিব পাৰে চহা প্ৰাণ।
হয়, এই বসন্তৰ বতৰা পায়ে নাচি উঠে অসমীয়াৰ মন-প্ৰাণ।
চহা জীৱনৰ লগত সংপৃক্ত হৈ থকা প্ৰকৃতিৰ এই পৰিৱৰ্তনে সকলোকে কঁকাল পোনাই পুনৰ এটা বছৰৰ বাবে সাজু হ’বলৈ প্ৰেৰণা যোগায়। ঢোলৰ ছেও, পেঁপা, গগনা, টকাৰ মাতত গা সাতখন-আঠখন কৰে বিহুৱা-বিহুৱতীৰ। বিহুৱা ডেকাৰ ঢোলৰ ছেৱত কঁকাল ভাঙি নাচে নাচনীয়ে। কেৱল নাচনীয়েই নে, আবাল-বৃদ্ধ-বণিতাও ৰঙালীৰ ৰসত বুৰ যায়।
পৰম্পৰা আৰু লোকবিশ্বাসৰ মেটমৰা ভঁৰাল হৈছে ব’হাগ বিহু। সাত বিহুৰ প্ৰতিটো দিনত পালন কৰা বিভিন্ন পৰম্পৰা আৰু ৰীতি-নীতিৰ মাজতে অন্তৰ্নিহিত হৈ থাকে এক বৈজ্ঞানিক বিশ্লেষণো। এক সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ ব’হাগ বিহুৱে কৃষক ৰাইজক পৰম্পৰাৰ মাজেৰে এটা নতুন কৃষি বৰ্ষৰ বাবে আগবাঢ়ি যোৱাৰ উদগনি যোগায়।
অৱশ্য সময়ৰ লগে লগে কিছু পৰম্পৰা, কিছু ৰীতি-নীতি আৰু ইয়াৰ পৰিৱেশনৰ শৈলীৰো পৰিৱৰ্তন ঘটে। নিশ্চিতভাৱে ব’হাগ বিহুতো এই পৰিৱৰ্তনবোৰে আঁচুৰি গৈছে। কিন্তু শিপাক খামুচি ধৰি ৰাখি আমি নতুনক আদৰি ল’বলৈ যত্নপৰ হ’ব লাগে। তেতিয়াহে আমাৰ সংস্কৃতিৰ স্বকীয়তা ৰক্ষা পৰিব। নহ’লে জাতীয় সংস্কৃতিয়ে বিজাতৰীয় ৰূপ পৰিগ্ৰহণ কৰিবলৈ বেছি সময় নালাগে।
অসমীয়া সমাজ জীৱন আৰু ইয়াৰ পৰম্পৰা আৰু লোকাচাৰত নিহিত হৈ আছে বিভিন্ন প্ৰকৃতি ভিত্তিক উৎসৱ। তাৰ মাজেৰেই অসমীয়া জাতিয়ে বাট বুলিছে, সংস্কাৰ-সংবৰ্ধন ঘটিছে আৰু উত্তৰণৰ দিশে ভৱিষ্যতলৈ ধাৱমান হৈছে।
এই ব’হাগ বিহুত আমাৰ সকলোৰে সংকল্প হোৱা উচিত আমাৰ পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতিক নিভাঁজ ৰূপত ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা আৰু আগবঢ়াই লৈ যোৱা। এই নতুন বছৰটো আমি কৃষ্টিৰ উৰ্বৰা ভূমিত সৃষ্টিৰ বছৰ কৰাৰ মানসেৰে অগ্ৰসৰ হওঁ আহক।