
দিল্লীৰ শতিকা পুৰণি জিমখানা ক্লাবৰ (Delhi Gymkhana Club) সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে। নিউজ১৮ৰ এক প্ৰতিবেদন অনুসৰি, ২০২৪-২৫ বিত্তীয় বৰ্ষলৈকে ২৭.৩ একৰ (প্ৰায় ৮৭৩ কাঠা) মাটিত বিস্তৃত এই প্ৰতিষ্ঠিত জিমখানাখনত ১৬২ কোটি টকাৰো অধিক বিনিয়োগ হৈছে আৰু মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১২৯ কোটি টকা।

২০২৪ চনৰ ৩১ মাৰ্চলৈকে ক্লাবটোৰ মিউচুৱেল ফাণ্ড পৰ্টফলিঅ’ৰ বজাৰ মূল্য আছিল প্ৰায় ২১৭ কোটি টকা।ইয়াৰে সৰ্বাধিক বিনিয়োগ হৈছে আদিত্য বিৰলা ছান লাইফ কৰ্প’ৰেট বণ্ড ফাণ্ড (১৮.৭ কোটি টকা), কোটক কৰ্প’ৰেট বণ্ড ফাণ্ড (১৪.২ কোটি টকা), আইচিআইচিআই প্ৰুডেন্সিয়েল কৰ্প’ৰেট বণ্ড ফাণ্ড (১৩.৫ কোটি টকা) আৰু আইচিআইচিআই প্ৰুডেন্সিয়েল বেংকিং আৰু পিএছইউ ডেবট ফাণ্ডত (১১ কোটি টকা)।
মিউচুৱেল ফাণ্ডৰ বাহিৰেও ১২ মাহতকৈ অধিক মেচিউৰিটি থকা ফিক্সড ডিপ’জিটত ২৪ কোটিতকৈ অধিক টকা বিনিয়োগ কৰা হৈছিল। উক্ত বিত্তীয় বৰ্ষৰ শেষত ক্লাবটোৰ বেংক একাউণ্টত ২ কোটিতকৈ অধিক টকা আছিল।
তথ্য অনুসৰি ক্লাবটোৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল প্ৰায় ১২৯ কোটি টকা।
আয়ৰ আটাইতকৈ ডাঙৰ উৎস হ’ল ৰেষ্টুৰেণ্ট, বাৰ আৰু বাংকুৱেট, য’ৰ পৰা বছৰত প্ৰায় ৪৩ কোটি টকা উপাৰ্জন কৰে। পূৰ্বৰ বছৰৰ তুলনাত মুঠ ব্যয় ৬৬.১ কোটি টকাৰ পৰা সামান্য বৃদ্ধি পাই ৬৯.২ কোটি টকা হৈছে। ২০২৪ চনৰ মাৰ্চ মাহৰ শেষলৈকে ক্লাবটোৰ মুঠ সদস্য সংখ্যা আছিল ১৪,৫৪৭ জন।
২০২২ চনত পৰিদৰ্শনৰ অন্তত কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ে দিল্লী জিমখানা ক্লাবৰ কেইবাটাও অবৈধ কাৰ্যকলাপৰ ওপৰত আলোকপাত কৰিছিল। ইয়াৰ ভিতৰত আছিল ৫০ কোটি টকাৰ দুৰ্নীতি, আৰ্থিক অনিয়ম, অবৈধ নিযুক্তি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উলংঘাৰ অভিযোগ।
ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষা আন্তঃগাঁথনিৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰে ক্লাবটোক ৫ জুনৰ ভিতৰত ২৭.৩ একৰ মাটি খালী কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশৰ বিৰুদ্ধে ক্লাবটোৱে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে আৰু কেন্দ্ৰৰ ওচৰতো আবেদন দাখিল কৰিছে।
দিল্লীৰ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত ২৭.৩ একৰ (প্ৰায় ৮৭৩ কাঠা) মাটিত বিস্তৃত অভিজাত জিমখানা ক্লাব। এই ক্লাবটো ব্ৰিটিছ যুগত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ পিছত ব্ৰিটিছ বিষয়াসকলক আমোদ-প্ৰমোদ আৰু মনোৰঞ্জন দিয়া।
২২ মে’ত কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ ভূমি আৰু উন্নয়ন বিভাগে (এল এণ্ড ডি অ’) জিমখানা ক্লাবলৈ জাননী প্ৰেৰণ কৰে। জাননীত কোৱা হৈছে যে দেশৰ প্ৰতিৰক্ষা আন্তঃগাঁথনি শক্তিশালী আৰু সুৰক্ষিত কৰিবলৈ এই ভূমিৰ প্ৰয়োজন। গতিকে ৫ জুনৰ ভিতৰত খালী কৰিব লাগিব।










