শণিবাৰে পুৱা ৮ বাজি ৩০ মিনিটত ডিলাই থানা অন্তৰ্গত পুৰণা লাহৰিজানত আৰক্ষীৰ নিয়মীয়া নাকা তালাচী অভিযান কালত উদ্ধাৰ হয় প্ৰায় ডেৰ কোটি টকা মূল্যৰ সন্দেহ যুক্ত হেৰইন ৷

প্ৰাপ্ত খবৰ অনুসৰি ডিলাই থানাৰ অচি আকাশ গগৈৰ নেতৃত্বত আৰু ডিলাই থানা আৰু লাহৰিজান আৰক্ষী পহৰা চকী ষ্টাফৰ সহযোগত চলা নাকা অভিযান কালত AS 25 Y 8576 নম্বৰৰ এটা ৰঙা ৰঙৰ মটৰ চাইকেল আৰক্ষীয়ে আৰক্ষীক দেখা পলাবলৈ চেষ্টা কৰে ৷ আৰক্ষীয়ে মটৰ চাইকেলখনক অনুসৰণ কৰিবলৈ লোৱা সময়তে মটৰ চাইকেলখন অলপ দূৰ গৈ নিজে নিজে দুৰ্ঘটনাত পতিত হয় ৷ আৰক্ষীয়ে মটৰ চাইকেল খনত তালাচী চলাই মটৰ চাইকেলৰ ছীটৰ তলত লুকুৱাই অনা ২৩ টা চাবোনৰ বাকচত ২৭৬’৯১ গ্ৰাম সন্দেহ যুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
মটৰ চাইকেল দুৰ্ঘটনাত আহত হোৱা সৰবৰাহকাৰী কামৰূপ জিলা ছয়া গাঁও ঘৰামৰাৰ ছামচুল হকৰ পুত্ৰ ৰজব আলীক খটখটীৰ মাল্টি স্পেচিয়েলিষ্ট হাস্পাতালত ভৰ্তি কৰা হৈছে ৷ ইপিনে উদ্ধাৰ হোৱা হেৰইনখিনি নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷