“কোনো লাভৰ উদ্দেশ্য লৈ কেতিয়াও ৰাজনীতিলৈ অহা নাছিলোঁ। জনসাধাৰণৰ ৰায় মূৰ পাতি লৈছোঁ।” দিল্লীৰ নিৰ্বাচনত পৰাজয়ৰ পিছত এই মন্তব্য আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)ৰ। আগন্তুক দিনত দিল্লীত গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিব বুলিও তেওঁ কয়। আনহাতে, নিৰ্বাচনত পৰাস্ত (Defeated in elections) হোৱাৰ পিছতো দিল্লীৰ আপ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয় কেজৰিৱালে।
বিধানসভা নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত কেজৰিৱালে এক ভিডিঅ’ বাৰ্তা (Video Message) দিয়। তাত তেওঁ কয়, “দিল্লীৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছে। আমি ৰাইজৰ এই আদেশ গ্ৰহণ কৰিছোঁ। জয়ী হোৱাৰ বাবে বিজেপিক অভিনন্দন (Congratulations to BJP)। আশাকৰোঁ তেওঁলোকক যি আশালৈ মানুহে ভোট দিছিল সেই আশা পূৰণ কৰিব।”

ইফালে দিল্লীত আপৰ কাৰ্যৰ বিশ্লেষণ কৰি কেজৰিৱালে কয়, “বিগত ১০ বছৰত আমি বহু কাম কৰিছোঁ। দিল্লীৰ জনসাধাৰণৰ শিক্ষা, স্বাস্থ্য, খোৱাপানীৰ সমস্যা আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ চেষ্টা কৰিছোঁ। দেশৰ ৰাজধানীৰ আন্তঃগাঁথনি উন্নত কৰাৰ চেষ্টা কৰিছোঁ। এতিয়া দিল্লীবাসীৰ ৰায় অনুযায়ী আমি ইয়াত গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিম।”
তেওঁ লগতে কয়, “আমি সমাজ আৰু জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যাম। মানুহৰ সুখ-দুখত কাষত থাকিম। আমি কোনো লাভৰ আশাৰে ৰাজনীতিলৈ অহা নাছিলোঁ। ৰাজনীতি মানুহৰ বাবে এক কৰ্মৰ মাধ্যম। সেই কাম আমি কৰি যাম। আপৰ সকলো কৰ্মীলৈ অভিনন্দন আৰু ধন্যবাদ। এই নিৰ্বাচনৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে।”
ইফালে বিদায়ী মুখ্যমন্ত্রী আতিশীয়ে নিজে জয়ী হ’লেও দলৰ পৰাজয় স্বীকাৰ কৰি মন্তব্য আগবঢঞায়৷ কালকাজী সমষ্টিত জয়লাভ কৰাৰ পিছত তেওঁ কয়, “আমি জনসাধাৰণৰ ৰায় মানি লৈছোঁ। মই জিকিলোঁ, কিন্তু এইটো উদযাপনৰ সময় নহয়। বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব।”
উল্লেখ্য যে ২০১৩ চনত প্ৰথমবাৰৰ বাবে দিল্লীত কেজৰিৱালৰ দল ক্ষমতালৈ আহিছিল। একেৰাহে তিনিবাৰ (প্ৰথমবাৰ ৪৮ দিন) ৰাজধানীৰ মুখ্যমন্ত্ৰী হৈছিল কেজৰিৱাল। ইয়াৰ পিছত যোৱা বছৰ আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰে। জে’লতো কটাবলগীয়া হয়। তথাপিও তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা নাছিল। পিছত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত কেজৰিৱালে পদত্যাগ কৰে আৰু আতিশী মাৰ্লেনা দিল্লীৰ মুখ্যমন্ত্ৰী হয়। ২০২৫ চনত পুনৰ ক্ষমতালৈ আহিলে কেজৰিৱাল পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিলহেঁতেন। কিন্তু সেয়া নহ’ল।