সোমবাৰে সন্ধিয়া চাৰে ছয় মান বজাত খেৰণি চাৰি আলিত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷পশ্চিম কাৰ্বি আংলঙৰ খেৰণি চাৰি-আলিত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো।

খেৰণি-মাইলু সংযোগী পথত বাইক দুৰ্ঘটনা হৈ থিতাতে নিহত শিৱা সিং নামৰ এজন যুৱক। যুৱকজন হাজাগাফাৰ গাঁৱৰ বাসিন্দা। খেৰণি চাৰি-আলিৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰে দ্ৰুতবেগী AS09 H 1215 নম্বৰৰ বাইকখনে।