ASSAM TIMES POST
নিউজ ডেস্কঃ আতঙ্ক বিয়পিব আৰম্ভ কৰিছে ভাৰতৰ বিভিন্ন ৰাজ্যতো। সোমবাৰে কলকাতাৰ হাস্পতালত থাইলেণ্ডৰ এগৰাকী মহিলাৰ মৃত্যুৰ পিছত এই মাৰাত্মক চীনা ভাইৰাছত আক্রান্তৰ সন্দেহত তিনজনক মঙলবাৰে ভর্তি কৰোৱা হয় দিল্লৰ ৰামমনোহৰ লোহিয়া হাস্পতালত। ২৪ৰ পৰা ৪৮ বছৰ বয়সীয়া তিনিওজনৰেই ৰক্তৰ নমুনা পৰীক্ষাৰ বাবে পঠিওৱা হৈছে ‘নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল’লৈ।
সদ্য চীনৰ পৰা পুণেলৈ ঘূৰি অহা এজন ভাৰতীয়কো আজি হাস্পতালত ভর্তি কৰোৱা হৈছে। সন্দেহ, তেওঁও আক্রান্ত হৈছে এই ভাইৰাছত।

ইয়াৰ উপৰি মুম্বাইৰ বিভিন্ন স্থানত কৰ’না ভাইৰাছত আক্রান্তৰ সন্দেহত আৰু ৫জনক ভর্তি কৰোৱা হৈছে হাস্পতালত।
কেৰালাতো ৭জনক একেই সন্দেহত ভর্তি কৰোৱা হৈছে হাস্পতালৰ আইছ’লচন ৱার্ডত। চৰকাৰী সূত্রৰ খবৰ মতে, সোমবাৰ পর্যন্ত চীনৰ পৰা অহা ১৫৫খন বিমানৰ মুঠ ৩৩ হাজাৰ ৫৫২জন যাত্রীৰ ৰক্তপৰীক্ষা কৰা হৈছে।
অন্যহাতে, চীনত ইতিমধ্যেই এই মাৰাত্মক ভাইৰাছত আক্রান্ত হৈ মৃত্যু হৈছে ১০০ৰো অধিক লোকৰ। আৰু ১৩ হাজাৰ লোক আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে। ভাইৰাছ যাতে অন্য দেশলৈ দ্রুতভাৱে বিয়পিব নোৱাৰে তাৰ বাবে চীনা প্রশাসনে দেশৰ নাগৰিকসকলক খুব জৰুৰী প্রয়োজন নাথাকিলে বিদেশলৈ যোৱাটো নিষেধ কৰিছে।
চীনৰ এগৰাকী তৰুণী কৰ’না ভাইৰাছত আক্রান্ত হয়নে নহয়, তাক লৈ দেওবাৰে নিশাৰ পৰা প্রায় ১৫ ঘণ্টা উৎকণ্ঠাৰ সৃষ্টি হয় কলকাতাত। সোমবাৰে সন্ধ্যা তাত নতুন মাত্রা যোগ কৰে চহৰৰ এখন হাস্পতালত থাইলেণ্ডৰ এগৰাকী মহিলাৰ মৃত্যুৱে। শেষত অৱশ্যে চিকিৎসকে জনায় যে কৰ’না ভাইৰাছৰ লক্ষণ নাই চীনা তৰুণীৰ শৰীৰত। থাইলেণ্ডৰ মৃত মহিলাগৰাকীও এই ভাইৰাছত আক্রান্ত নহয় বুলিয়েই ভবা হৈছে।
ইফালে চীনা ভাইৰাছত আক্রান্ত হোৱাৰ আতঙ্ক বিয়পিছে পঞ্জাবতো। জ্বৰ আৰু শ্বাসকষ্টত ভোগা মোহালিৰ এগৰাকী বেঙ্ককর্মী সোমবাৰে ডাক্তৰক দেখুৱাবলৈ যায় চণ্ডীগড়ৰ ‘পোষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল এডুকেচন এণ্ড ৰিছাৰ্জ (পিজিআইএমইআৰ)’লৈ। সন্দেহ কৰা হৈছে, এই বেঙ্ককর্মীজন আক্রান্ত হৈছে কৰ’না ভাইৰাছত।










