ASSAM TIMES POST
নিউজ ডেক্স
চীনত নোভেল কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে৷ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ১০৬লৈ বৃদ্ধি পালে৷ ইপিনে, যোৱা ২৪ ঘণ্টাৰ অন্তত ১৩০০ জন লোকৰ শৰীৰত এই ভাইৰাছ পাইছে চীন চৰকাৰে৷
ভাৰতৰ তিনিজন লোকৰ শৰীৰত এই ভাইৰাছ পোৱাৰ ফলত লোককেইজনক দিল্লীৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে৷ চীনৰ হুবেই প্ৰদেশত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা সৰ্বাধিক৷ দেশখনৰ আক্ৰান্ত ১৩০০ জন লোকৰ ভিতৰত ১২৯১ জনেই হ’ল হুবেই প্ৰদেশৰ৷ উল্লেখ্য যে চীনে এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা নিয়মীয়াকৈ প্ৰকাশ কৰিছে যদিও দেশখনৰ চৰকাৰে সেই তথ্য লুকুৱাইছে বুলি অভিযোগ উঠিছে৷
মন কৰিব লগা যে বেইজিংসহ চীনৰ ২৯ খন প্ৰদেশত এই ৰোগ বিয়পি পৰিছে৷ আনহাতে জাপান, দক্ষিণ কোৰিয়া, থাইলেণ্ড, আমেৰিকা, ছিংগাৰপুৰ, ভিয়েটনাম, টাইৱান, নেপাল, ফ্ৰান্স, ছৌদি আৰব, কানাডাসহ ১২ খন দেশত এই ভাইৰাছত আক্ৰান্ত হৈছে৷










