ডিফু : কাৰ্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল APHLC দলৰ সভাপতি জে আই কাথাৰে (J.I. Kathar) কার্বি আংলং জিলাৰ নাম সলনি কৰি ট্রাইবেল লেণ্ড (Tribal Land) ৰখাৰ প্ৰচাৰ চলোৱাৰ বিৰোধীতা (Opposition) কৰিছে ASDC দলে। দলটোৰ প্ৰচাৰ সম্পাদক ডেনিয়েল টেৰণ আৰু সহকাৰী সম্পাদক সঞ্জয় কিলিঙে আজি এখন সংবাদ মেলৰ জড়িয়তে দাবী কৰে যে, APHLC দলে কাৰ্বি আংলং জিলাৰ নাম সলনি কৰি ট্রাইবেল লেও কৰিব লাগে বুলি সজোৰে প্ৰচাৰ কৰি আছে। ইয়াৰ বিৰুদ্ধে ASDC দলে পূর্বেও এখন সংবাদমেল অনুষ্ঠিত কৰি এই প্ৰস্তাৱৰ তীব্র বিৰোধীতা কৰিছিল।
APHLC দলৰ এই প্রস্তাৱ সম্পূর্ণ অসাংবিধানিক আখ্যা দি টেৰণে কয় যে, সংবিধানৰ ষষ্ঠ অনুসূচীৰ পেৰা ২০ত কার্বি আংলং জিলা বুলি উল্লেখ আছে। ষষ্ঠ অনুসূচীৰ টেবুল পার্ট-১, আইটেম নম্বৰ ২ত স্পষ্টভাৱে কার্বি আংলং জিলা বুলি সন্নিবিষ্ট আছে। সেয়ে এইটো সলনি কৰাটো সম্ভৱ নহয়। জে আই কাথাৰে কাৰ্বি আংলং নাম সলনি কৰি ট্রাইবেল লেণ্ড কৰিব লাগে বুলি দাবী কৰিছে। এগৰাকী প্রাক্তন আইএএছ বিষয়া হৈও কাথাৰে এই কথা নজনাটো দুখৰ বিষয় বুলি সংবাদমেলত দাবী কৰে। যদি কাথাৰে এই কথা জানি-শুনি কৈছে তেনেহ’লে তেওঁক ক্ষমা খোজাৰ দাবী তোলে।

অসাংবিধানিক দাবী তোলাটো কাথাৰৰ স্বভাৱ বুলি সংবাদমেলত উল্লেখ কৰি টেৰণে কয় যে কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নির্বাচন অবৈধ বুলি কাথাৰে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। এতিয়া পৰিষদৰ ম্যাদ পাঁচ বছবত ভৰি দিছে।
কাথাৰে তৰা গোচৰৰ কি হ’ল বুলি প্রশ্ন উত্থাপন কৰি বিজেপিৰ সৈতে বুজাবুজি কৰি উচ্চ ন্যায়ালয়ত এই গোচৰ নচলালে নেকি বুলিও প্রশ্ন কৰে। পৰিষদৰ ক্ষেত্ৰত ৰাজ্যপালে মন্ত্রী গোটৰ পৰামৰ্শত হস্তক্ষেপ কৰিব পাৰে বুলিও টেৰণে উল্লেখ কৰি কাথাৰে ষষ্ঠ অনুসূচীত ৰাষ্ট্রপতিয়েও হস্তক্ষেপ কৰিব নোৱাবে বুলি কৰা দাবীক প্রত্যাহ্বান জনায়।