বৃহস্পতিবাৰে দিনৰ প্ৰায় ২ বজাত ধনশিৰি পৰিষদীয় সমষ্টি (Dhansiri Council Constituency)ৰ ধনশিৰি মিনি ষ্টেডিয়াম (Dhansiri Mini Stadium) প্ৰাঙ্গনত ৰাজহুৱা মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে (Tuliram Ronghang)৷

উল্লেখযোগ্য ধনশিৰিত প্ৰায় ৫ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে ৰাইজৰ সৈতে বৃহত জনসভা যোগে ৰাইজৰে মত-বিনিময়ত অংশগ্ৰহণ কৰি বিভিন্ন আঁচনিৰ লাভালাভৰ ওপৰত হিতাধিকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে৷
ইয়াৰোপৰি জনসভাৰ অংশগ্ৰহণ ৰাইজৰ অভাৱ-অভিযোগৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে সেইবোৰ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে৷ আজিৰ মত-বিনিময় অনুষ্ঠান, সাংসদ অমৰচিং তিচো, বিধায়কসকল ক্ৰমে, বিদ্যাচিং ইংলেং, দৰচিং ৰংহাঙ, ৰূপছ্ং টেৰণ, ইএম মঙলচিং চিং তিমুঙ, তিলোত্তমা হাষ্ণু আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷