
‘ফৰিংবোৰে বাটৰ কথা জানে’ (Faringbora Bator Kotha Jane) শীৰ্ষক কবিতা কাব্যগ্ৰন্থৰ (Poetry Book) বাবে অসমৰ বিশিষ্ট কবি (Eminent poet of Assam) সমীৰ তাঁতী (Poet Sameer Tanti)লৈ আগবঢ়োৱা হৈছে সাহিত্য অকাদেমি বঁটা (Sahitya Akademi Award)। উল্লেখযোগ্য যে ২০১৮ চনত ৰচনা কৰা ‘ফৰিংবোৰে বাটৰ কথা জানে’ শীৰ্ষক কবিতা পুথিখন ২০২১ চনত প্ৰকাশ পাইছিল। এই কাব্যগ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বিভিন্ন অভিজ্ঞতা তথা অনুভৱৰ কেইবাটাও নিপোটল কবিতা আছে। কবি সমীৰ তাঁতীৰ প্ৰথমটো কবিতা প্ৰকাশ পাইছিল ১৯৭৯ চনত ‘নাগৰিক’ কাকতৰ পাতত।
সেই যাত্ৰা অব্যাহত ৰাখি এইগৰাকী বিশিষ্ট কবি-সাহিত্যিকে বৰ্তমানলৈকে কেইবাখনো কবিতা পুথি, সমালোচনা গ্ৰন্থ, গল্প সংকলন, অনুবাদ কবিতা পুথি পাঠক সমাজলৈ উপহাৰ দিছে। ইয়াৰ ভিতৰত যুদ্ধভূমিৰ কবিতা (১৯৮৫), শোকাকুল উপত্যকা (১৯৯৩), সময় শব্দ সপোন (১৯৯৬), কদম ফুলাৰ ৰাতি (২০০১) আদি হৈছে তেওঁৰ উল্লেখযোগ্য কাব্য সংকলন। শেহতীয়াকৈ আন দুখন কবিতা পুথি ‘বিগলিত প্ৰাৰ্থনা’ আৰু ‘লগ পাম ক’ৰবাত এদিন’ প্ৰকাশ পাইছে ।

উল্লেখযোগ্য যে ২০১২ চনত সমীৰ তাঁতীয়ে ছগনলাল জৈন সাহিত্য বঁটা লাভ কৰিছিল। আনহাতে, উইলিয়ামছনছ মেগৰ শৈক্ষিক ন্যাসৰ উপত্যকা সাহিত্য বঁটা তেওঁক প্ৰদান কৰা হৈছিল ২০১২ চনত।
১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত গোলাঘাট জিলাৰ বিহৰা চাহ বাগিচাত জন্মগ্ৰহণ কৰা এইগৰাকী জনতাৰ কবিৰ পিতৃ আছিল কৰ্ণ তাঁতী আৰু মাতৃ নোৱাগ’ৰ তাঁতী। তেওঁলোক চাহ শ্ৰমিক আছিল। তেওঁৰ পিতৃ কৰ্ণ তাঁতী ১৯৩৭ চনত ওড়িশাৰ পৰা অসমলৈ আহি চাহ বাগানৰ শ্ৰমিক হিচাপে যোগদান কৰিছিল।













