
শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছৰে পৰা বাংলাদেশত কেতিয়া নিৰ্বাচন অনুষ্ঠিত হ’ব সেই প্ৰশ্নটো বাৰে বাৰে উত্থাপন হৈ আহিছে। শেহতীয়াকৈ বি এন পি শিবিৰেও স্পষ্ট কৰি দিছে যে তেওঁলোকে আগতীয়াকৈ নিৰ্বাচন বিচাৰে। এই বিতৰ্কৰ পৰিৱেশত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে (Chief Advisor Mohammad Younus) বাংলাদেশৰ নিৰ্বাচন (Bangladesh elections)ৰ সম্ভাৱ্য তাৰিখ ঘোষণা (Declaration of possible date) কৰে। বাংলাদেশৰ সংবাদ মাধ্যম ‘প্ৰথম আলো’ৰ মতে, ২০২৫ চনৰ শেষৰ পৰা ২০২৬ চনৰ (From the end of 2025 to 2026) প্ৰথমাৰ্ধৰ ভিতৰত (Within the first half) ইউনুছৰ চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে। সোমবাৰে বিজয় দিৱস উপলক্ষে দেশবাসীক সম্বোধি দিয়া ভাষণত এই মন্তব্য কৰে মুখ্য উপদেষ্টাগৰাকীয়ে।

উল্লেখ্য যে ৫ আগষ্টত বাংলাদেশত হাছিনাৰ চৰকাৰৰ পতন ঘটে। ইয়াৰ পিছতে ৮ আগষ্টত গঠন হয় অন্তৱৰ্তীকালীন চৰকাৰ। মহম্মদ ইউনুছক মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়। ইউনুছ প্ৰশাসনে দায়িত্ব লোৱাৰ পিছৰে পৰা নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে। কেতিয়া নিৰ্বাচন অনুষ্ঠিত হ’ব সেই লৈ কৌতুহলী হৈ পৰিছে দেশৰ সাধাৰণ ৰাইজ। চাৰি মাহ পাৰ হোৱাৰ পূৰ্বেই খালেদা জিয়াৰ বি এন পিয়ে অন্তৱৰ্তীকালীন চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। খালেদাৰ পুত্ৰ তথা বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে এই সন্দৰ্ভত ইউনুছ প্ৰশাসনক অস্বস্তিকত ৰাখিছে।











