মুম্বাই (Mumbai)ৰ নিয়াৰ বিশেষ আদালতে (Special Court of NIA) অনুপ্ৰৱেশৰ গোচৰত (case of infiltration) তিনিজন বাংলাদেশী নাগৰিকক (Three Bangladeshi nationals) দোষী সাব্যস্ত (convicted) কৰে। মঙলবাৰে আদালতে তিনিজন লোকক ৫ বছৰৰ কাৰাদণ্ডৰ (5-year jail term) নিৰ্দেশ দিয়ে। তদুপৰি, দুহাজাৰ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে। প্ৰায় ছবছৰ পুৰণি এটা গোচৰত এই শাস্তি ঘোষণা কৰে আদালতে। অভিযুক্তকেইজন হ’ল মহম্মদ হবিবুৰ ৰহমান হাবিব ওৰফে ৰাজ জেছব মণ্ডল, হান্নান আনোৱাৰ হুছেইন খান ওৰফে হান্নান বাবুৰালী গাজী আৰু মহম্মদ আজাৰালী চোভানাল্লাহ ওৰফে ৰাজ জেছব মণ্ডল।
২০১৮ চনত এই তিনিজন বাংলাদেশীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ভুৱা নথি-পত্ৰ। অবৈধ প্ৰৱেশ আৰু জালিয়াতিৰ গোচৰত তেওঁলোক দোষী সাব্যস্ত হয়। প্ৰথমে পুনে আৰক্ষীয়ে এই গোচৰৰ তদন্ত কৰিছিল। আৰক্ষীয়ে গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰে যে একাংশ বাংলাদেশীয়ে বৈধ নথি-পত্ৰ অবিহনে পুনেত আশ্ৰয় লৈছে।
সংবাদ সংস্থা পিটিআইৰ মতে, আল কায়দাৰ শাখা সংগঠন এবিটিৰ সদস্যসকলক তাৰ পৰাই সহায় কৰা হৈছে বুলিও আৰক্ষীয়ে জানিব পাৰিছে। সেই তথ্যৰ ভিত্তিত ২০১৮ চনৰ মাৰ্চ মাহত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
পিছত গোচৰটোৰ তদন্ত এন আই এৰ হাতত অৰ্পণ কৰা হয়। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আৰক্ষীয়ে তিনিজন বাংলাদেশীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। ভাৰতীয় দণ্ডবিধি আৰু বিদেশী নাগৰিক আইনৰ অধীনত অভিযোগ ফ্ৰেমৱৰ্ক কৰা হয়। ইউ এ পি এ আইনো সংযোজন কৰা হয়। সংবাদ সংস্থা পিটিআইৰ মতে, বুধবাৰে আদালতে ইউ এ পি এ আইন সন্দৰ্ভত একো জনোৱা নাই। কিন্তু এন আই এৰ বিশেষ আদালতে তিনিজন বাংলাদেশীক পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে অবৈধ প্ৰৱেশ আৰু জাল নথি-পত্ৰৰ সৈতে জড়িত গোচৰত ২০০০ টকা জৰিমনা বিহে। এন আই এয়ে এক বিবৃতিত কয় যে এই গোচৰত আদালতে আৰু দুজন অভিযুক্তক ইতিমধ্যে দোষী সাব্যস্ত কৰিছে। ২০২৩ চনৰ অক্টোবৰ মাহত আদালতে উক্ত দুজন অভিযুক্তক পাঁচ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। আন তিনিজনকো মঙলবাৰে দোষী সাব্যস্ত কৰে নিয়া আদালতে।