
গুৱাহাটী উচ্চ ন্যায়ালয় (Gauthati High Court)ৰ এক গুৰুত্বপূৰ্ণ ৰায়দানত এগৰাকী ধৰ্ষণৰ বলি (Rape victim) হৈ গৰ্ভধাৰণ কৰা নাবালিকাক গৰ্ভপাতৰ অনুমতি প্ৰদান (Allowing minor abortions) কৰা হৈছে। তিনিচুকীয়াৰ এই ১৪ বছৰীয়া নাবালিকাগৰাকী ৭ জন লোকৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈ গৰ্ভৱতী হৈছিল। ইয়াৰে ভিতৰত তিনিজন নাবালক আছিল। আনহাতে, এই ধৰ্ষণৰ ঘটনা শোহতীয়াভাৱে পোহৰলৈ অহাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কিন্তু সেই সময়ত নাবালিকাগৰাকী ২৩ সপ্তাহৰ গৰ্ভৱতী বুলি চিকিৎসকে নিশ্চিত কৰে। ফলত ভুক্তভোগী মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ প্ৰতি গভীৰ ভাবুকিৰ সৃষ্টি হয়।
উল্লেখ্য যে ভাৰতীয় আইন মতে গৰ্ভপাতৰ অনুমতি নাই। ফলত ভুক্তভোগী নাবালিকাগৰাকীৰ এই অৱস্থাত পৰিয়ালটো চিন্তিত হৈ পৰে। ইফালে এই ঘটনাটো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি শুনানিৰ ব্যৱস্থা কৰে। আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা আইনী প্ৰতিনিধি দল ভুক্তভোগী নাবালিকাগৰাকীৰ ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

তেওঁলোকে নাবালিকাগৰাকী আৰু অভিভাৱকৰ পৰা গ্ৰহণ কৰা মতামতৰ সময়ত ভুক্তভোগীৰ লগতে তেওঁৰ অভিভাৱকে গৰ্ভপাতৰ ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ পিছত গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ খণ্ড বিচৰপীঠে যোৱা সোমবাৰে নাবালিকাগৰাকীক গৰ্ভপাতৰ অনুমতি প্ৰদান কৰি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।
‘মেডিকেল টার্মিনেচন অব প্রেগনেন্সী এক্ট-১৯৭১ৰ অধীনস্থ ধাৰা ৩ আৰু ৪ আৰু উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এটা ৰায়ৰ আধাৰত বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। ইতিমধ্যে বিচৰপীঠে তিনিচুকীয়া জিলা আইন সেৱা প্ৰাধিকাৰীক ইয়াৰ বাবে সকলো দিশ তদাৰকৰ দায়িত্ব প্ৰদান কৰিছে। আনহাতে, গৰ্ভপাতৰ বাবে তৎকালীনভাৱে চিকিৎসক আৰু বিশেষজ্ঞৰ এখন বোৰ্ড গঠনৰ বাবে জিলা শিশু কল্যাণ সমিতিক নিৰ্দেশ প্ৰদান কৰে। এতিয়া মেডিকেল বোর্ডে গৰ্ভপাতৰ বাবে উপযুক্ত চিকিৎসালয় নিৰ্ধাৰণ কৰিব লাগিব। ইয়াৰ উপৰি উচ্চ ন্যায়ালয়ৰ ৰায়টোত গৰ্ভপাতৰ সকলো খৰচ ৰাজ্য চৰকাৰক বহন কৰাৰো নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত ১৯ ডিচেম্বৰত ন্যায়ালয়ৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব লাগিব।













