উচ্চতম ন্যায়ালয়ে মণিপুৰৰ (SC on Manipur Violence) হিংসাত ধ্বংস হোৱা সা-সম্পত্তিৰ হিচাপ বিচাৰিছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰৰ পৰা এই সন্দৰ্ভত এক বিতং প্ৰতিবেদন বিচাৰে।
মণিপুৰ চৰকাৰে অহা বছৰৰ আৰম্ভণিতে ঘৰ আৰু চৰকাৰী সম্পত্তি জ্বলা বা ভূমি দখল কৰা, অন্যান্য সম্পত্তি ধ্বংস হোৱাৰ বিৱৰণ অহা বছৰৰ আৰম্ভণিতে বন্ধ খামত দাখিল কৰিব লাগিব। আনহাতে, সোমবাৰে মণিপুৰত ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা হয়।
বিগত ২৩ দিনৰ মূৰত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ বাবে ৰাজ্য চৰকাৰে মোবাইল ইণ্টাৰনেটৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।
উচ্চতম ন্যায়ালয়ে সোমবাৰে মণিপুৰ চৰকাৰক বিগত এবছৰ ধৰি ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিৱৰণ প্ৰদান কৰিবলৈ কয়।
মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে সংশ্লিষ্ট কৰ্তৃপক্ষক অপৰাধীসকলক চিনাক্ত কৰিবলৈ অধিক কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি ২০ জানুৱাৰীত হ’ব।
উল্লেখযোগ্য যে যোৱা বছৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে মণিপুৰ বিষয়টো বিবেচনা কৰিছিল।
লগতে উচ্চ ন্যায়ালয়ৰ তিনিগৰাকী মহিলা ন্যায়াধীশক লৈ এখন সমিতি গঠনৰ নিৰ্দেশ দিছিল যাতে ভুক্তভোগীসকলক সাহায্য, পুনৰ্সংস্থাপন আৰু ক্ষতিপূৰণ বিতৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰিব পাৰি। মহাৰাষ্ট্ৰৰ প্ৰাক্তন আৰক্ষী মুৰব্বী দত্তাত্ৰেয় পাডচালগিকৰক অমীমাংসিত অপৰাধমূলক গোচৰৰ তদন্ত তদাৰক কৰাৰ দায়িত্ব দিয়া হৈছিল।
মণিপুৰত যোৱা বছৰৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি-জো সম্প্ৰদায়ৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে। এতিয়ালৈকে ২৫০ ৰো অধিক লোকৰ মৃত্যু হৈছে। আনহাতে, বহুতো লোক গৃহহীন হৈ পৰিছে।