সোমবাৰে পুৱা প্ৰায় ৭ বজাত খটখটী থানা এলেকাৰ কাৰাগাঁৱত (Karagaon in Khatkhati police station area) আৰক্ষীৰ তালাচীত বুজন পৰিমাণৰ (hug quantity) সন্দেযুক্ত সোণৰ বিস্কুট উদ্ধাৰ (Gold biscuits recovered) কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক (Two traffickers arrested) কৰিবলৈ সক্ষম হয়৷
আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি কাৰাগাওঁ চাৰিলেনযুক্ত পথৰ সমীপত আৰক্ষীৰ নিয়মীয়া নাকা তালাচী কালত সন্দেহবশত এখন এএছ ০১ এমচি ৫২৬৮ নম্বৰৰ ট্ৰাকত তালাচী চলাওতে উদ্ধাৰ হয় ক’লা-বগা প্লাষ্টিক ৰঙা নীলা টেপেৰে মেৰিয়াই অনা ৩০ টা সন্দেহযুক্ত সোণৰ বিস্কুট৷ উদ্ধাৰ হোৱা সোণখিনিৰ ওজন ৪৯৬৪’৫৮ গ্ৰাম৷
সোণখিনি ষ্টিয়েৰিঙৰ হুইল ক’ভাৰত কৌশলগতভাবে লুকুৱাই আনিছিল সৰবৰাহকাৰীয়ে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ সেনাপতি জিলাৰ পিংগাৰজেন তামাঙ আৰু সহযোগী পিটাৰ তামাঙক আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷