বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত গুৱাহাটী উচ্চ ন্যায়ালয় (Gauhati High Court)ৰ মুখ্য ন্যায়াধীশ (Chief Justice) বিজয় বিষ্ণই (Vijay Bishnoi)য়ে আজি ডিফুত উপস্থিত (Present in Diphu) হৈ ডিফু আদালতৰ ন্যায়িক বিষয়াসকলৰ বাবে নিৰ্মাণ হ’বলগীয়া বাসগৃহৰ আধাৰশিলা স্থাপন কৰে। আজি সন্ধিয়া ডিফুৰ জলসিঞ্চন বিভাগৰ কলনীত নিৰ্মাণ হ’বলগীয়া আবাসগৃহৰ আধাৰশিলা স্থাপন (Foundation stone laying of residence) কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। মুখ্যন্যায়াধীশগৰাকীৰ সৈতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰুৱাও এই কাৰ্যসূচীত উপস্থিত থাকে।
উল্লেখ্য যে ৮ কোটি ৬৪ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া ন্যায়াধীশ সকলৰ আবাসৰ নিৰ্মাণ কাৰ্য তদাৰক কৰিব কাৰ্বি আংলং জিলা লোক নির্মাণ বিভাগে। আধাৰশীলা স্থাপন কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এই আবাহগৃসৰ নিৰ্মাণৰ জৰিয়তে ন্যায়ালয়ৰ কাম আগতকৈ অধিক ক্ষীপ্ৰতৰ হ’ব বুলি আশা প্রকাশ কৰে। ন্যায়াধীশগৰাকীয়ে কয় যে জিলা খনৰ আদালতসমূহৰ ন্যায়াধীশসকল ডিফুৰ বিভিন্ন প্রান্তত সিচৰতি হৈ বসবাস কৰি কাৰ্যনিৰ্বাহ কৰি আছিল।
এতিয়া একে ঠাইতে ন্যায়াধীশসকল থকাৰ বাবে আৰক্ষী আৰু প্রশাসনৰো সুবিধা হ’ব। কাৰণ চৰকাৰী বন্ধৰ সময়ত ন্যায়াধীশসকলক নিজ নিজ বাসগৃহলৈ গৈ ল’গ কৰাটোও এটা সমস্যা। এতিয়াৰে পৰা ন্যায়াধীশসকল একে স্থানত থকাৰ ফলত তেওঁলোকে একত্রিতভাবে এটা চৌহদত সমিল মিলেৰে বসবাস কৰিবলৈ সুবিধা লাভ কৰিব। এই কাৰ্য অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগিতৰ বাবে সম্ভব হোৱা বুলি ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰি ইয়াৰ বাবে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক ধন্যবাদ জ্ঞাপন কৰে।