ASSAM TIMES POST
নিউজ ডেক্সঃ দিল্লীৰ নিৰ্বাচন ভাৰত-পাকিস্তানৰ যুদ্ধ৷ এইদৰে কৈছিল বিজেপি নেতা কপিল মিশ্ৰই৷ এনে কথা কোৱাৰ পাছত দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল৷ ইয়াৰ পৰিপেক্ষিতত নিৰ্বাচন আয়োগে নেতাজনলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে৷
নিৰ্বাচন আচৰণ বিধি অনুযায়ী কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে ধৰ্ম আৰু সম্প্ৰদায়ক লৈ উত্তেজনা বা অশান্তিৰ সৃষ্টি হোৱা কোনো মন্তব্য কৰিব নোৱাৰে৷ প্ৰাথমিকভাৱে কপিল মিশ্ৰই এই কাম কৰিছে৷ তাকে লৈ সবিশেষ তথ্য চোৱা হ’ব৷
দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ তৰফৰ পৰা কপিল মিশ্ৰলৈ এই জাননী প্ৰেৰণ কৰা হৈছে৷ ইতিমধ্যে কপিল মিশ্ৰই কালি ৰাতি এই জাননী লাভ কৰিছে বুলি জনাইছে৷ এই প্ৰশংগত মিশ্ৰই কয় যে তেওঁ ভুল মন্তব্য কৰা কথাটো মন কৰা নাছিল৷ তেওঁ সত্য কৈছে বুলিও উল্লেখ কৰে৷