অষ্ট্ৰেলিয়া ভ্ৰমণৰ (Tour of Australia)ত ভাৰতীয় দল (Indian team)টোৱে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী (Border-Gavaskar Trophy)ৰ প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত হোৱাইটৱাছৰ পিছত ভাৰতে (India) অষ্ট্ৰেলিয়াৰ মাটিত পাৰ্থ (Parth)ত অনুষ্ঠিত প্ৰথমখন টেষ্টত জয়লাভ (Won the first Test) কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলাৰ আশা সজীৱ কৰিলে। তৃতীয় দিনৰ খেলৰ শেষত দেওবাৰে অষ্ট্ৰেলিয়াই ৩ উইকেটৰ বিনিময়ত ১২ ৰান সংগ্ৰ কৰি আছিল। আনহাতে, সোমবাৰে চতুৰ্থদিনা ভাৰতে প্ৰথমখন টেষ্ট নিজৰ নামত কৰে। ইফালে প্ৰথম টেষ্টত জয়লাভৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত পৰিৱৰ্তন ঘটে।
পাৰ্থত জয়লাভ কৰাৰ পিছত ভাৰতৰ পইণ্টৰ শতকৰা হাৰ ৬১.১১% লৈ বৃদ্ধি পায়। নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ পিছত ই হৈছিল ৫৮.৩৩%। আনহাতে, পেট কামিন্সৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ পইণ্টৰ শতাংশ পূৰ্বৰ ৬২.৫০%ৰ পৰা ৫৭.৬৯%লৈ হ্ৰাস পাইছে। কিন্তু শৃংখলাত এতিয়াও চাৰিখন মেচ বাকী আছে। সেয়ে এই শৃংখলাটো দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথম দুখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ফাইনেলত দুয়োবাৰেই পৰাস্ত হৈ ভাৰতৰ সপোন ভাগিছিল।

উল্লেখ্য যে পাৰ্থত অপ্ৰতিৰোধ্য অষ্ট্ৰেলিয়াক ভাৰতে পৰাস্ত কৰি এক ইতিহাস ৰচে। মেচখনৰ প্ৰথম ইনিংছত ভাৰতৰ ১৫০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১০৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয় ইনিংছত ভাৰতে ৬ উইকেটৰ বিনিময়ত ৪৮৭ ৰানত ঘোষণা কৰে৷ দ্বিতীয় ইনিংছত ভাৰতীয় অপেনাৰ যশস্বী জয়ছোৱাল (১৬১) আৰু বিৰাট কোহলীয়ে (অপৰাজিত ১০০) শতক অৰ্জন কৰে৷ এইটো হৈছে অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতৰ সৰ্ববৃহৎ জয়। ১৯৭৭ চনৰ ৩০ ডিচেম্বৰত মেলব’ৰ্ণত ভাৰতে অষ্ট্ৰেলিয়াক ২২২ ৰাণত পৰাস্ত কৰি ইতিহাস ৰচিছিল৷ এইবাৰ ভাৰতে নতুন ইতিহাস ৰচে।
আনহাতে, ৰানৰ হিচাপত এইটো হৈছে ভাৰতৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় সৰ্ববৃহৎ জয়। ২০০৮ চনত মোহালিত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক ৩২০ ৰাণত পৰাস্ত কৰিছিল।