
‘আজাদীকা অমৃত মহোৎসৱ‘ৰ (Azadika Amrit Mahotsav) অংশ স্বৰূপে শুকুৰবাৰে পুৱা ডিফু (Diph) চৰকাৰী মহাবিদ্যালয়ত নেহৰু যুৱ কেন্দ্ৰ আৰু ক্ৰীড়া মন্ত্ৰানালয়ৰ উদ্যোগত আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ সহযোগত আৰম্ভ হৈছে যুৱ উৎসৱ ইণ্ডিয়া ২০২৪ (Youth Festival India 2024)৷ এই উপলক্ষে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাংছিনা প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্য অতিথি হিছাপে উপস্থিত থাকি যুৱ উৎসৱৰ উদ্ধোধন কৰে বিধায়ক বিদ্যাছিং ইংলেঙে ৷ ভাৰতৰ যুৱ শক্তি আৰু সাংস্কৃতিক ঐতিহ্যক উৎসাহ যোগোৱাৰ উদ্দেশ্যেই এই যুৱ উৎসৱ উদযাপন কৰা হৈছে বুলি জানিব পৰা গৈছে৷

উক্ত অনুষ্ঠানত পৰিষদৰ এমএচি জনি তিমুঙ আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগতে ডিফু নেহৰু যুৱ কেন্দ্ৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ উক্ত যুৱ উৎসৱৰ বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰায় পাঁচ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷ যুৱ উৎসৱত প্ৰতিযোগীসকলে বিজ্ঞান মেলা প্ৰদৰ্শনী, যুৱ শিল্পী শিৱিৰ, যুৱ লেখক শিৱিৰ, ভ্ৰাম্যমান ফটো গ্ৰাফাৰ আৰু সাংস্কৃতিক কাৰ্যসূচীত প্ৰতিদ্বন্ধিতা আগবঢ়াব বুলি মহাবিদ্যালঞখনৰ অধ্যক্ষ মোৱাজ্জেন হুছেইন বৰভূঁঞাই জানিবলৈ দিছে৷












