৭৫ সংখ্যক স্বাধীনতা দিৱস উদসৃযাপন আৰু আজাদীকা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ ‘হৰ ঘৰ ত্ৰিৰংগাৰ অংশ স্বৰুপে কাৰবি আংলং জিলাতো’ হৰ ঘৰ ত্ৰিৰংগা’ উত্তোলনৰে স্বাধীনতা দিৱস উদযাপন কৰা হব বুলি জানিব দিয়ে জিলা উপায়ুক্ত দিবাকৰ নাথে ৷
আজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত আয়োজিত এক সংবাদমেলত জিলা উপায়ুক্ত দিবাকৰ নাথে কয়যে , অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে স্বাধীনতা দিৱস উপলক্ষে প্ৰতিখন ঘৰত ত্ৰিৰংগা পতাকা উৰুৱাবলৈ জিলা উপায়ুক্তই কাৰবি আংলং বাসীক আহ্বান জনাইছে ৷
অহা ১৩ ৰ পৰা ১৫ আগষ্টলৈ বিভিন্ন চৰকাৰী, বেচৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান ,আৱাসগৃহ, দোকান-পোহাৰ আদিত ত্ৰিৰংগা পতাকা বিধি মতে উত্তোলন কৰিবলৈ আহ্বান জনাইছে ৷ কাৰবি আংলঙত ১ লাখ আৱাস গৃহত এই ত্ৰিংগা পতাকা উতোলন হব বুলি জনাইছে উপায়ুক্ত গৰাকীয়ে ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি দুটা পদ্ধতিত ত্ৰিৰংগা পতাকা সমূহ বিক্ৰি কৰা হব ৷
ইয়াৰে প্ৰথমটো চৰকাৰৰ যোগান বিভাগৰ পৰা ৰেছন কাৰ্ডৰ দোকানীৰ জৰিয়তে হিতাধিকাৰীৰ মাজত ১৮ টকা মূল্যত এই পতাকাসবিক্ৰি কৰা হব বুলি কয় ৷ ইয়াৰোপৰি এনআৰএলএম আৰু এনইউএলএমৰ অধীনস্থ আত্ম সহায়ক গোটৰ জৰিয়তে বিভিন্ন ঠাইত বিপনী কেন্দ্ৰ স্থাপন কৰি ১০০ টকা দৰত ত্ৰিৰংগা পতাকা বিক্ৰি কৰা হব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিছে ৷