![]()
১৭১ কোটি টকাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ (Karbi Anglong Autonomous Council)ৰ কাৰ্যবাহী সদস্য (Executive Member) আৰু পৰিষদৰ সদস্যসকল (Members of the Council)ৰ বাবে আবাসগৃহ নির্মাণৰ (Construction of residences) আধাৰশিলা (Foundation Stone) আজি স্থাপন কৰে সাংসদ অমৰছিং তিছ’য়ে।

বিধায়ক দৰছিং ৰংহাং, পৰিষদৰ বহু কেইগৰাকী কাৰ্যবাহী সদস্যৰ উপস্থিতিত সাংসদগৰাকীয়ে এই নির্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে বর্তমান ৩০খন আসন বিশিষ্ট পৰিষদখন ৪৫খন আসন বিশিষ্ট পৰিষদলৈ ৰূপান্তৰিত হ’ব। সেয়ে, পুৰণি কার্যবাহী সদস্য ক’লনিত নতুনকৈ অত্যাধুনিক সা-সুবিধাবে এই আবাসগৃহ নির্মাণ কৰা হ’ব। সাংসদগৰাকীয়ে আধাৰশিলা স্থাপন কৰি নির্মাণকার্য সময় মতে সম্পূর্ণ হোৱাৰ আশা কৰাৰ লগতে নির্মাণ কার্য সূচাৰুৰূপে সম্পন্ন হোৱাৰ লগতে গুণগত দিশত উন্নতমানৰ হোৱাটো কামনা কৰে।












