ASSAM TIMES POST
প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ ক্ষণত জিলাখনৰ চাৰি বিধায়কৰ অনুপস্থিতকলৈ ক্ষোভ প্ৰকাশ সাংসদ হৰেণ ছিং বে’ৰ
ডিফু : কৰ’না ভাইৰাছৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ বাবে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰাৰ বিপৰীতে আজি পৰিষদৰ সচিবালয়ত আনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ অধ্যক্ষতাত পৰিষদৰ সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা মুকলি অধিবেশনটিৰ স্বাগত ভাষণ প্ৰদান কৰে পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ কুমাৰ দাসে ৷
ইয়াৰ পিছত পৰিষদৰ প্ৰতিটো বিভাগৰ ইএম সকলৰ উন্নয়ণৰ ৰিপৰ্ট কাৰ্ডসমূহ আজি মুকলি কৰে৷ প্ৰতিষ্ঠা দিৱসটিৰ কাৰ্যসূচীত উপস্থিত থাকি জিলাখনলৈ উপহাৰ হিছাপে মাঞ্জা, ফুলনি, দেইথৰ আৰু ছামেলাংছ’ক নগৰৰ মৰ্যদা প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বি আংলঙৰ সকলো জাতি-জনগোষ্ঠী, সাংসদ, বিধায়ক, ইএম, এমএচি বিষয়াসকলক লৈ কাৰ্বি আংলঙ জিলাৰ সৰ্বাঙ্গীন উন্নয়ণৰ বাবেই টীম কাৰ্বি আংলং গঠন কৰা হৈছে ৷ সকলোয়ে ঐক্যবদ্ধভাৱে কৰ্ম সংস্কৃতি গঢ়ি তুলি জিলাখনৰ উন্নয়ণ, শান্তি আৰু ভাতৃত্বৰ বাবে কাম কৰি পাহাৰীয়া জিলাখনত ঐতিহাসিক পৰিৱৰ্তন আনিবলৈ আহ্বান জনায় ৷ জিলাখনৰ প্ৰতিটো দূৰ্গম এলেকা আৰু চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ঠাই সমূহত উন্নয়ণৰ পোহৰ দেখুওৱাটোৱে হ’ল টীম কাৰ্বি আংলঙৰ মূল উদ্দেশ্য৷
নিবণুৱা সমস্যা সমাধানৰ স্বাৰ্থত পশ্চিম কাৰ্বি আংলং জিলাত ২৪০০ পদ সৃষ্টি কৰা হৈছে ইয়ে বহু পৰিমানে নিবণুৱা সমস্যা সমাধান হব বুলি কয় তুলিৰাম ৰংহাঙে ৷ আনহাতে দীৰ্ঘদিনীয়া জিলাখনৰ মূলদাবী ভাৰতীয় সংবিধানৰ অনুশ্চেদ ২৪৪(ক) অনুসৰি এখন স্বায়ত্তৰাজ্য হাচিল কৰা সকলো জাতিগোষ্ঠী দল-সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্ঠাতহে সম্ভৱ বুলি কোৱাৰ লগতে সকলেকে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ তেওঁ জিলাখনৰ পিতৃপুৰুষ ছেমছনছিং ইংতি, খৰছিং তেৰাঙ আৰু ছামছিং তেৰাঙৰ জিলা গঠন প্ৰক্ৰিয়াত স্বীকাৰ কৰা ত্যাগৰ শলাগ লয় ৷ লগতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ডিফু চহৰৰ বাট পথ আৰু আন্ত:গাঠনি সমূহ তাৰালাংছৰ বাট- পথৰ আদৰ্শৰ দৰে জিলিকাই তোলা হব বুলি কয় ৷
ইয়াৰোপৰি, অধিবেশনত উপস্থিত থকা সাংসদ হৰেণছিং বে’ই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ প্ৰশংসাত পঞ্চমুখ হৈ তুলিৰাম ৰংহাঙক প্ৰভু ৰামচন্দ্ৰৰ সৈতে তুলনা কৰে৷ প্ৰভু ৰামচন্দ্ৰই যেনেকৈ সকলো প্ৰজাক সমদৃষ্টিৰে চাই ৰামৰাজ্য প্ৰতিষ্ঠা কৰি সু-শাসন চলাইছিল তেনেদৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও জিলাখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সমদৃষ্টিৰে উন্নয়ণ আৰু বিকাশৰ দিশে আগুৱাই লৈ গৈছে বুলি কয় ৷
আনহাতে, পৱিত্ৰ প্ৰতিষ্ঠাদিৱসৰ শুভক্ষণত জিলাখনৰ বিধায়ক সকল উপস্থিত নথকা কাৰ্যকলৈ ক্ষোভ উজাৰে সাংসদ গৰাকীয়ে ৷ কাৰ্যকৰ্মণিকা অনুসৰি আজি পুৱাৰ ভাগত জিলাখনৰ প্ৰতিষ্ঠাপক পিতৃ-পুৰুষ ছেমছিং টেৰণ, খৰছিং ইংতিৰ প্ৰাতিকৃতিত পুৰণি আৰু নতুন উদ্যাণত পুষ্পাঞ্জলী আৰু ধূপ-ধুনাৰে গভীৰে শ্ৰদ্ধাঞ্জলী নিবেদন কৰে গুণমুগ্ধসকলে ৷
ইয়াৰ পিছত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ ওচৰত সাংসদ হৰেণছিং বে’ৰ উপস্থিতিত কাৰবি আংসং জিলা গঠন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ছাৰছিং টেৰণ আৰু সম্পাদক ছেমছনছিং ইংতিৰ প্ৰতিমুৰ্তিৰ শুভ উদ্ধোধন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷













