ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং জিলাৰ ডিফুত বেংকৰ কৰ্মচাৰী চীপলৈ আত্মহত্যা কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা নিশা ধৰমনালাস্থিত দিলীপ ঘোষৰ ভাড়াঘৰত ভাড়া কোঠালৈ থকা বেংক কৰ্মচাৰীজন নিজৰ শোৱাকোঠাতে চীপলৈ আত্মহত্যা কৰে৷ ঘৰ মালিক দিলীপ ঘোষৰ পুত্ৰই জনোৱা অনুসৰি বেংকৰ ষ্টাফেহে কৰ্মচাৰীজনৰ লগত ফোন সংযোগ নোপোৱাত ঘৰ মালিকক নিশাই যোগাযোগ কৰে৷
ইয়াৰ পিছত ঘৰ মালিকে কৰ্মচাৰীজনৰ ভাড়াকোঠালৈ ঘৰৰ দৰ্জা ভতৰফালৰ বন্ধ থকাত ভেণ্টিলেটৰ ফুটাৰে চাই কৰ্মচাৰীজন গামোছাৰে চীপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগে লগে কৰ্মচাৰীজনৰ মৰিগাও স্থিত পৰিয়ালৰ লোকক খবৰ দিয়া হয়৷ আজি পুৱা পৰিয়ালৰ লোক আহি দণ্ডাধীশ কে জিমি আকু আৰক্ষীৰ উপস্থিতিত ভাড়াকোঠাৰ দৰ্জা খুলি কৰ্মচাৰীজনক চীপৰ পকা তলৰ পকা মজিয়াত চিতহৈ পৰি থকা প্ৰত্যক্ষ কৰে ৷
পৰিয়ালৰ লোকে জনোৱা অনুসৰি কৰ্মচাৰীজন মৰিগাঁও জিলাৰ মৰিগাও থানা এলেকাধীন গাগলমাৰী গাঁৱৰ বলোৰাম চাউদাঙৰ পুত্ৰ ত্ৰিদিপ চাউদাঙ (29) ৷ যোৱা ৫ মাহ পূৰ্বে ডিফুৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেঙ্কত ছিংগল উইনড’অপাৰেটৰ পদত কৰ্মৰত আছিল লগতে ২০২১ চনত তেওঁৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল ৷ বাতৰি লিখা কৰ্মচাৰীজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই৷












