
ষ্টাফ ৰি’পৰ্টাৰ, ডিফু : আদিবাসী কিংবদন্তি বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা ২৬ নৱেম্বৰলৈ কাৰ্বি আংলং জিলাতো ধৰিত্ৰী আবা দিৱস পালন কৰা হ’ব। আজি ডিফু ক্লাবত এই কার্যসূচী আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয়। উদ্বোধনী কার্যসূচীত জিলা আয়ুক্ত নিৰলা ফাংচ’পী, পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙকে আদি কৰি বহু বিশিষ্ট লোক আৰু অঞ্চলবাসী উপস্থিত থাকে।

চৰকাৰী বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ লক্ষ্যৰে বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে এই আঁচনি প্ৰৱৰ্তন কৰিছেজিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে সংবাদমাধ্যমৰ আগত কয় যে- কাৰ্বি আংলং জিলাৰ বিভিন্ন ব্লক সমূহতো অনুৰুপ কার্যসূচী ৰূপায়ণ কৰা হ’ব। আয়ুক্তগৰাকীয়ে মন্তব্য কৰি কয় যে, জনজাতীয় লোক সকল বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত অৱগত নহয়।
জনজাতীয় লোক সকলে বহু ক্ষেত্রত সজাগতাৰ বাবে আহিবলৈও সংকোচ কৰা পৰিলক্ষিত হয়।জনজাতীয় লোক সকলক চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনি সন্দৰ্ভত অৱগত কৰা আৰু জনজাতীয় লোক সকলক আধাৰ কার্ড বনাবলৈ অনুপ্রাণিত কৰাতো এই কাৰ্যসূচীৰ গুৰুত্ব প্রদান হ’ব বুলি আয়ুক্তগৰাকীয়ে মন্তব্য কৰে।