ASSAM TIMES POST
নিউজ ডেস্কঃ
চীনত নোভেল কৰোনাভাইৰাছ (২০১৯-এনচিঅ’ভি)ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পালে৷ এই ৰোগত দেশখনত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৫৪৩জন৷ এই ৰোগত আক্ৰান্ত হোৱাৰ উপসৰ্গ লৈ বেইজিঙৰ চিকিৎসালয়ত প্ৰীতি মাহেশ্বৰী নামৰ ভাৰতীয় ছাত্ৰী এগৰাকীক ভেণ্টিলেছনত ৰখা হৈছে৷ বিদেশলৈ এই ৰোগ বিয়পাৰ সন্দৰ্ভত সতৰ্ক হৈ পৰিছে ভাৰত৷ দিল্লী, মুম্বাই, কলকাতা, চেন্নাইসহ দেশৰ সাতটা বিমান বন্দৰত তীব্ৰ নজৰ ৰখা হৈছে৷ ইতিমধ্যে ৪৩খন বিমানৰ ৯১৫৬ গৰাকী যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ অৱশ্যে ভাইৰাছত আক্ৰান্ত যাত্ৰী পোৱা নগ’ল৷ উল্লেখ্য যে এই ৰোগ প্ৰথমে আৰম্ভ হয় চীনৰ হুবেই প্ৰদেশৰ উহান চহৰত৷ এইখন ৰাজ্যত ১৭ জন লোক ইতিমধ্যে মৃত্যু হৈছে৷ মন কৰিব লগীয়া যে এইখন ৰাজ্যত আছে ৭০০ৰো অধিক ভাৰতীয়৷ এইসকলৰ ভিতৰত ৫০০ জন ছাত্ৰ আছে৷










