সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলং জিলাৰ ডিফু (In Diphu)ৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে সন্ধিয়া ৪ বাজি ৫৫ মিনিটৰ লগে লগে উলহ-মালহৰ মজেদি আৰম্ভ হৈছে পৱিত্ৰ ষঠ পূজা (Chath Puja)৷ ডিফুৰ পানবাৰী, ঝিলপাৰ, শিৱবাৰী, বিৰলা আদি অঞ্চলত ভক্তপ্ৰাণসকলক সূৰ্য দেৱতাৰ পূজা অৰ্চনাৰে আৰম্ভ কৰিছে ষঠ পূজা৷ ছট পূজা হৈছে ভক্তি, বিশুদ্ধতা আৰু কৃতজ্ঞতাৰ সময়, যি সমৃদ্ধি, স্বাস্থ্য আৰু সুখৰ আশীৰ্বাদৰ বাবে সূৰ্য দেৱতা (Sun God) আৰু দেৱী ষঠী মাইয়া (Devi Shathi Maiya)ক উপাসনা কৰিবলৈ সমৰ্পিত কৰা হয়৷
ষঠ পূজা সময়ত ভক্তপ্ৰাণসকলে 36 ঘণ্টা দীঘলীয়া সময়ৰ বাবে উপবাস (নিৰ্জলা) কৰে।ভক্তসকলে সন্ধিয়া সূৰ্যাস্তৰ সময়ত ভগৱান সূৰ্য আৰু দেৱী ষঠী মাইয়াক সন্ধ্যা আৰঘ হিচাপে প্ৰাৰ্থনা কৰে আৰু পিছদিনা ৰাতিপুৱা ঊষা আৰাঘ হোৱাৰ লগে লগে সূৰ্যৰ প্ৰাৰ্থনাৰ সৈতে সামৰণি মাৰে৷