সোমবাৰে দিনৰ প্ৰায় ১২ বাজি ১০ মিনিটত বেংগালুৰুৰ নাৰায়ণ হাস্পাতালত দেহাৱসান ঘটে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ তথা ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ এমএচি অজিত কুমাৰ দে’ ৷
প্ৰয়াত অজিত কুমাৰ দে’ হৃদৰোগৰ চিকিৎসাৰ বাবে হাস্পাতালখনত চিকিৎসাধীন হৈ আছিল আৰু সফলতাৰে অস্ত্ৰোপচাৰো সম্পন্ন হৈছিল ৷ কিন্তু হঠাৎ কালিৰে পৰা তেওঁৰ প্ৰস্ৰাৱ বন্ধ হৈ ভেণ্টিলেছন থাকিব লগীয়া হৈছিল ৷ আজি অজিত কুমাৰ দেই ৬৬ বছৰত হাস্পাতালখনত শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে ৷
প্ৰয়াত অজিত কুমাৰ দে’ই এগৰাকী নিষ্ঠাৱান বিজেপি কৰ্মী হিছাপে পূৱ কাৰবি আংলং বিজেপিৰ সাধাৰণ সম্পাদক আৰু উপসভাপতিৰ দায়িত্ব নিৰ্বাহ কৰিছিল ৷ মৃত্যুৰ সময়ত প্ৰয়াত অজিত কুমাৰ দে’ই পত্নী আৰু কণ্যা সন্তান ইহ সংহাৰত এৰি থৈ গৈছে ৷ অজিত কুমাৰ দে’ৰ মৃত্যুত সমগ্ৰ কাৰবি আংলঙত শোকৰ ছাঁ পৰিছে ৷