ASSAM TIMES POST
নিউজ ডেক্সঃ থানাৰ পৰাই চুৰি আছিল এটা এটাকৈ আগ্নেয়াস্ত্ৰ৷ থানাৰ মালখানাৰ পৰা আগ্নেয়াস্ত্ৰ চুৰি এটা এটাকৈ ১৮ টা চুৰি হয়৷
কিন্তু স্বয়ং থানাৰ ভিতৰৰ পৰা কেনেকৈ আগ্নেয়াস্ত্ৰ চুৰি হৈ আছিল তাকে লৈ চিন্তিত হৈ পৰিছিল সকলো৷ অৱশেষত ধৰা পৰিল৷ স্বয়ং আৰক্ষী বিষয়াই চুৰি কৰে আগ্নেয়াস্ত্ৰ৷
ঝাৰগ্ৰামৰ লালগড় থানাৰ পৰা ১৮ টা আগ্নেয়াস্ত্ৰ চুৰিৰ অভিযোগত থানাৰ ইনস্পেক্টৰ তাৰাপদ টুডুক বুধবাৰে ঝাৰগ্ৰাম জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ এই আৰক্ষী বিষয়াজনৰ লগতে আন তিনিজনকো গ্ৰেপ্তাৰ কৰে৷ এই কেইজন আৰক্ষী কৰ্মী নহয়৷ উল্লেখ্য যে এই আৰক্ষী বিষয়াজন মালখানাৰ দায়িত্বত আছিল৷










