
দীপাৱলীৰ আনন্দ উলাহৰ মাজতেই কাৰ্বি আংলং জিলাৰ মাঞ্জাত (Manja of Karbi Anglong) সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড (Devastating fire)। প্রাপ্ত খবৰ অনুসৰি বুধবাৰে সন্ধিয়া ৭মান বজাত মাঞ্জা চহৰৰ স্বাস্থ্য কেন্দ্ৰৰ ওচৰৰ তিনিআলীৰ সম্মুখত থকা এখন ঘৰত অগ্নিকাণ্ডটো সংঘটিত হয়। উক্ত অগ্নিকাণ্ডত চাৰচিং ৰংপি নামৰ এজন লোকৰ বাহগৃহত অগ্নিকাণ্ডৰ সূত্রপাত হয়।

উক্ত অগ্নিকাণ্ডত বাসগৃহখনৰ প্রায় লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয় বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে অগ্নি নির্বাপিত কৰিবলৈ আপ্রাণ চেষ্টা কৰে যদিও অগ্নিৰ লেলিহান শিখাৰ পৰা ঘৰখনক ৰক্ষা কৰিব নোৱাৰিলে। স্থানীয় মাঞ্জা আৰক্ষীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ ডিফুস্থিত অগ্নিনির্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনির্বাপক বাহিনীৰ বাহন আহি পুৱাৰ পূর্বেই জুয়ে ওচৰতে থকা মাঞ্জা এল পি স্কুললৈকে সম্প্রসাৰিত হয়। অগ্নিনির্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনির্বাপন কৰে। বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।













