
সমগ্ৰ কাৰ্বি আংলঙ (Karbi Anglong)ত আজি পালন কৰা পৰিলক্ষিত হ’ল জাতীয় শোক দিৱস (National Mourning Day)। উল্লেখযোগ্য যে ২০০৫ চনৰ ১৭ অক্টোবৰ (October 17, 2005)ৰ দিনটোত কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত ডিমাছা-কাৰ্বি সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাতৰ ফলত সংঘটিত হৈছিল এক গণহত্যাৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল ৪১ গৰাকীকৈ নিৰীহ লোকে।

তেতিয়াৰে পৰা ১৭ অক্টোবৰৰ অভিশপ্ত দিনটোক কাৰ্বি আংলংবাসীয়ে জাতীয় শোক দিৱস হিচাপে পালন কৰি অহা পৰিলক্ষিত হৈছে। আৰু আজিও এই নিৰীহ নিহত লোকসকলক স্মৰণ কৰি ছাৰচিম-প্ৰিচেকত কাৰ্বি আংলংবাসীয়ে মৌনপ্ৰাৰ্থনা-শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নিহত লোকসকলৰ আত্মাৰ শান্তি প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়।












