
দেওবাৰে গুৱাহাটীৰ খানাপাৰা ষ্টেডিয়ামত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী “নিযুত মইনা আঁচনি”ৰ অধীনত কণ্যা ছাত্ৰী সকলৰ শৈক্ষিক অগ্ৰগতি আৰু বাল্যবিবাহ প্ৰতিৰোধৰ বাবে সাহায্য হিছাপে আনুষ্ঠানিক চেক বিতৰণ কৰে মুখ্মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই (Dr Himanta Biswa Sarma) ৷

অনুষ্ঠানটো অসমৰ সকলো জিলাতে পোনপটীয়াকৈ খানাপাৰাৰ পৰা সম্প্ৰচাৰ হোৱাৰ সমান্তৰালকৈ কাৰবি আংলং জিলাতো হয় এই সম্প্ৰচাৰ ৷ কাৰ্বি আংলং জিলাত, জিলা প্ৰশাসনে আঠটা পৃথক স্থানত বিস্তৃত ভাবে ডিফু, বোকাজান আৰু হাওৰাঘাট নামৰ তিনিটা সমষ্টিত চেক বিতৰণ কাৰ্যসূচী আয়োজন কৰে
এই চেক বিতৰণী কাৰ্যৰ অংশ স্বৰূপে ডিফুত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙে ৯৭০ জন হিতাধিকাৰীক চেক বিতৰণ কৰে, আনহাতে হাওৰাঘাটত বিধায়ক দৰচিং ৰংহাঙে ৬২৫ জন হিতাধিকাৰীক চেক বিতৰণ কৰে।উল্লেখ্য যে বোকাজানতো অসম বিধান সভাৰ উপাধ্যক্ষ ড০ নুমোল মমিনে চেক বিতৰণ কৰে ৷













