এবছৰ পূৰ্বে গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনত গঠন হোৱা অসম জনজাতীয় সাংস্কৃতিক মহাসভা (Assam Tribal Cultural Mahasabha)ই আজিৰ পৰা আৰম্ভ কৰিছে জিলা সমিতি গঠন (Formation of District Committee)ৰ প্ৰক্ৰিয়া৷ আজি অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, মুখ্য উপদেষ্টা কে চি এছৰ সভাপতি চন্দ্ৰছিং ক্ৰৰ নেতৃত্বত ডিফুৰ তাৰালাংচ’ত গঠন হয় সাংস্কৃতিক মহাসভাৰ কাৰবি আংলং জিলা সমিতি৷
কাৰবি সাংস্কৃতিক সমাজৰ আমন্ত্ৰণ ক্ৰমে আজি তাৰালাংচ’ৰ কাৰবি পিপুলছ হলত মহাসভাৰ উপ-সভাপতি হোমছিং বেৰ সভাপতিত্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন জনজাতীয় সাংস্কৃতিক কৰ্মীৰ উপস্থিতিত দৰছিং দেৰাক সভাপতিৰূপে লৈ গঠন কৰা হয় কাৰবি আংলং জিলা সমিতি৷ অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ আগষ্ট মাহত ডিব্ৰুগড়ত হোৱা সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে ২২, ২৩ আৰু ২৪ নবেম্বৰত ডিফুৰ তাৰালাংচ’ত অসমৰ বিভিন্ন জনজাতিৰ সাংস্কৃতিক দলক লৈ সম্পন্ন হ’ব এক সাংস্কৃতিক সমাৰোহ৷
আজিৰ বৈঠকত উপস্থিত থকা কাৰবি, বড়ো, মিছিং, তিৱা, ৰেংমা নাগা, ডিমাছা, কুকি আদি জনগোষ্ঠীৰ লোকসকলে এই পদক্ষেপৰ আদৰণি জনায়৷ কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰছিং ক্ৰই শীঘ্ৰে এই সমাৰোহৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ ৰাজ্যিক সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰীয়ে এই প্ৰচেষ্টাই অসমৰ সকলো জনজাতি-অ-জনজাতিৰ মাজত ঐক্য-সম্প্ৰীতি বৃদ্ধি কৰাৰ লগতে বৰ অসম গঢ়াত অধিক ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰিব বুলি কয়৷