
অনলাইন ট্ৰেডিং কেলেংকাৰী (Online trading scandal)ত চুমী বৰা বিশাল ফুকনৰ বিৰুদ্ধে ডিব্ৰুগড়ত ৰুজু হৈ থকা গোচৰ সন্দৰ্ভত দুই ইউটিউবাৰলৈ চি আই ডিৰ জাননী (CID notices to two YouTubers)। সাংবাদিক তথা ইউটিউবাৰ (YouTuber) চক্ৰপাণি পৰাশৰ (Chakrapani Parashar) আৰু ইউটিউবাৰ অৱয়ব ভূঞা (Abayab Bhuyan)ক এই গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে চি আই ডিয়ে তলৱ কৰে।

উল্লেখ্য যে চক্ৰপাণি পৰাশৰ আৰু অবয়ৱ ভূঞাই নিজ নিজ চেনেলৰ বাবে চুমী বৰাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি চক্ৰপাণি পৰাশৰে বিশাল ফুকন আৰু চুমীৰ ভাতৃ ৰাজীৱ বৰাৰ পাৰ্চেলিয়া নামৰ ঔষধ কোম্পানীটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ইয়াৰ প্ৰচাৰ কৰিছিল। শনিবাৰে চি আই ডিয়ে দুয়োকে সোধা-পোছাৰ বাবে চমন জাৰি কৰে।













