ডিফুৰ চাৰিকিলোত মহিলা হত্যাকাণ্ড (Woman murdered in Diphu’s Charkilo)ত জড়িত তিনিজন অপৰাধীক বুধবাৰে গ্ৰপ্তাৰ (Arrest of three criminals involved) কৰি সন্ধিয়া ৬ মান বজাত ডিফুত ন্যায়িক আদালতত হাজিৰ কৰায় ডিফু আৰক্ষীয়ে৷ ধৃত অভিযুক্ত কেইজন ক্ৰমে, পঞ্চাশ বছৰীয়া ৰেনছিং তিচ’ (Rensing Teso), বাইশ বছৰীয়া মিৰজেং তেৰাং (Mirjeng Terang) আৰু তেইশ বছৰীয়া বাবুছিং ইংতি (Babusing Ingti)৷ তিনিওগৰাকীকে ডিফুৰ আদালতত কিছু সময় পূৰ্বে হাজিৰ কৰি আৰক্ষীয়ে পুণৰ ৩ দিনৰ জিম্মাত লৈছে৷
আনহাতে আৰু এগৰাকী অভিযুক্ত পলাই আছে যদিও অতি শীঘ্ৰে আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, যোৱা ২১ ছেপ্টেম্বৰ ডিফুৰ সমীপৰ লৰুলাংচৰ এগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী মহিলাক ধৰ্ষণৰ পিছত নিৰ্মমভাবে হত্যা কৰি ডিফুৰ চাৰিকিলোৰ এটি হাবিত পেলাই থৈ গৈছিল৷
উক্ত কাণ্ডৰ পিছত জিলাখনত এক চেঁপা উত্তেজনাই বিৰাজ কৰি আছিল৷ মহিলাৰ বৰ্বৰ হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু দোষীক বিচাৰি কঠোৰ শাস্তিৰ দাবীত ডিফুত কে এন চি এ আৰু আইপোৱাৰ নেতৃত্বত এক জোঁৰ সমদল বাহিৰ কৰা হৈছিল৷ নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, বর্ষব হত্যাকাণ্ডৰ দোষীক শাস্তি দিয়ক, নাৰী সুৰক্ষা নিশ্চিত কৰক আদি শ্ল’গানেবে এই প্রতিবাদী সমদল বাহিব কৰা হৈছিল৷ আনকি কেএনচিএৰ নেত্রী প্রতিমা ইংহিপীয়ে আৰক্ষীক এই কাণ্ডত জড়িত অভিযুক্তক কৰায়ত্ব কৰিবলৈ সাত দিনৰ সময় সীমাও বান্ধি দিছিল৷