
বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা ১৯ আৰু ২০ ছেপ্টেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে ডিফু (Diphu)ৰ ARBORETUM & CRAFT CENTRE ত অনুষ্ঠিত হৈছে ৫০ বছৰীয়া কাৰ্বি যুৱ মহোৎসৱ (Karbi Youth Festival)ৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন (International Conference) প্ৰতিৰোধ, পৰিচয় আৰু সংস্কৃতিৰ উদযাপন কাৰ্যসূচী ৷

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙে উদ্ধোধন কৰে ৷ উক্ত কাৰ্যসূচীত সাংসদ অমৰচিং তিচোৰ লগতে ইএম সূৰ্য ৰংফাৰ, নিৰ্দিষ্ট বক্তা হিছাপে হাইদৰাবাদ বিশ্ব বিদ্যালয়ৰ প্ৰৱক্তা ৱাই এ সুধাকৰ ৰেড্ডি, ডাইৰেক্টৰ চেণ্টাৰ ফৰ কাৰবি ষ্টাডিজৰ ডঃ ধৰমছিং টেৰণ আৰু অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ উপাচাৰ্য শিৱাশিস বিশ্বাস উপস্থিত থাকে ৷













