
দেওবাৰে সন্ধিয়া ৬ মান বজাত ডিফু আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি অসমৰ সৰ্ব বৃহত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ ADRE ত পাছ কৰাই দিয়াৰ প্ৰলোভনৰ অভিযোগত চাৰিজনকৈ প্ৰৱঞ্চকক ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰে দুগৰাকী পুৰুষ প্ৰৱঞ্চক আৰু দুগৰাকী মহিলা পৰীক্ষাৰ্থী ৷ পুৰুষ দুজন ক্ৰমে, মৰিগাঁওৰ সপোন দাস আৰু ডিফুৰ ৰবিন কুমাৰ বৰা ৷ আনহাতে মহিলা পৰীক্ষাৰ্থী দুগৰাকী ক্ৰমে, মৰিয়নিৰ প্ৰমিলী শইকীয়া আৰু আন গৰাকী দেৰগাঁওৰ টুলুমনি শইকীয়া ৷
চাৰিও গৰাকীকে আৰক্ষীয়ে কালি নিশা বিভিন্ন স্থানৰ পৰা আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ডিফু থানাত ৭৩/২০২৪ নম্বৰত এক গোছৰ ৰুজো দি চাৰিও গৰাকী অভিযুক্তক ডিফু ন্যায়িক আদালতত হাজিৰ কৰা হৈছে বুলি আৰক্ষীৰ সুত্ৰটোৱে জানিবলৈ দিছে













