
চিকিৎসালয়ৰ নিৰাপত্তা সন্দৰ্ভত পুনৰ প্ৰশ্ন উত্থাপন হৈছে। আই চি ইউত চিকিৎসাধীন এগৰাকী ২০ বছৰীয়া যুৱতীক যৌন নিৰ্যাতনৰ (Girl Rape) অভিযোগ উত্থাপিত হৈছে এজন চিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চিকিৎসালয়খনৰ অভিযুক্ত কৰ্মচাৰীজনক গ্ৰেপ্তাৰ কৰে।

মহাৰাষ্ট্ৰৰ থানে জিলাত সংঘটিত হৈছে এই নৃশংস ঘটনা। ভীৱণ্ডীৰ এখন ব্যক্তিগত চিকিৎসালয়ত যৌন নিৰ্যাতন চলাইছিল যুৱতীগৰাকীক। কিছুদিন পূৰ্বে পেটৰ সংক্ৰমণত আক্ৰান্ত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হয়। গুৰুতৰভাৱে অসুস্থ অৱস্থাতো চিকিৎসালয়ত তেওঁ নিৰাপদ নহয়।
পুৱাৰ ভাগত চিকিৎসালয়খনৰ ৱাৰ্ড বয়ৰ দ্বাৰা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ৯ ছেপ্টেম্বৰ সোমবাৰে পুৱা প্ৰায় ৪.৩০ বজাত চিকিৎসালয়খনত সংঘটিত হয় এই ঘটনা।
অভিযুক্ত ৱাৰ্ড বয়জনে পুৱাতেই যুৱতীগৰাকীক চাবলৈ আহিছিল। তেতিয়া তেওঁ শুই আছিল। অভিযুক্তই প্ৰথমতে তেওঁৰ লগত অশালীন আচৰণ কৰে। যৌন নিৰ্যাতনৰ শেষত অসুস্থ যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু তেওঁ চিঞৰ-বাখৰ কৰাৰ লগে লগে সেই স্থানত আন কৰ্মচাৰীৰ সমাগম হয়।
আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে।









