
পূব কাৰ্বি আংলং (East Karbi Anglong) জিলা বিজেপি কার্যালয়ত আজি বিজেপি দলৰ সদস্য ভর্তি অভিযান (BJP’s membership drive) আনুষ্ঠানিকভাবে শুভাৰম্ভ (Official launch) কৰা হয়।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাং (Tuliram Ronghang), সাংসদ অমৰছিং তিছ’ (Amarsing Tis’), বিধায়ক বিদ্যাছিং ইংলেং (Vidyasing Inglang), দৰছিং ৰংহাং, প্রাক্তন সাংসদ হৰেণছিং বে’ (Harensing Bey’)ৰ উপস্থিতিত এই সদস্য ভর্তি অভিযানৰ শুভাৰম্ভ কৰা হয়। সকলোৱে নিজ নিজ ম’বাইলেৰে মিছড কল দি পুনৰ সদস্য পদ অর্জন কৰে।

ইয়াৰ পাছতে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে এখন সংবাদমেলযোগে কয় যে- আজিৰে পৰা আমি সদস্য ভর্তি আৰম্ভ কৰিছে। পূব-পশ্চিম কাৰ্বি আংলং দুয়োখন জিলাৰ জ্যেষ্ঠ বিজেপি নেতাসকলে পুনৰ সদস্য পদ গ্রহণ কৰে বুলি উল্লেখ কৰি এইবাৰ পাঁচ লাখ সদস্য ভৰ্তি কৰাৰ লক্ষ্য স্থিৰ কৰা বুলি প্রকাশ কৰে। পূর্বে দুয়োখন জিলাত বিজেপি দলৰ সদস্যৰ সংখ্যা ৩ লাখ ২০ হাজাৰ আছিল বুলিও ৰংহাঙে প্রকাশ কৰে।












